ক্ষেত্ৰীৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ আত্মীয়লৈ ৫ লাখকৈ সাহাৰ্য
দেওবাৰে সন্ধিয়া ক্ষেত্ৰীত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ৭ জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সোমবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে সন্ধিয়া এখন ট্ৰেভেলাৰে পথৰ মাজত থকা এটা প্ৰকাণ্ড গাঁতত সোমাই পিছত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা আঁতৰি গৈ বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মৰাত সাতজন লোকৰ মৃত্যু হয়। ইয়াৰে পাঁচজনৰ ঘটনাস্থলীতে মৃত্যু হয় (Khetri Accident)।
ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে স্থানীয় লোকসকলে কৰা অভিযোগ আৰু প্ৰাথমিক আৰক্ষীৰ তদন্ত অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে। যিসকলক এই ঘটনাৰ বাবে দোষী, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয় (Travelar Accident Assam)।
তেওঁ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সাতজন লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ সহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। আহতসকলৰ চিকিৎসাৰ খৰচো চৰকাৰে বহন কৰিব বুলিও তেওঁ জনায় (Assam Road Accident)।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কামো শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব।
উল্লেখ্য যে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰেভেলাৰে ঘাইপথত থকা এটা বৃহৎ গাঁতত সোমাই পিছত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে ট্ৰেভেলাৰখনৰ মুখামুখি সংঘৰ্ষ হয়।
ঘটনাস্থলীতে মৃত্যু হোৱা পাঁচজন লোক হয়- জ্যোতিকা ৰংহাং, অনিমা ডেকা বৰদলৈ, ইছান আলী, তফাজুল আলী আৰু প্ৰশান্ত তালুকদাৰ। ট্ৰেভেলাৰখনৰ চালক গোপাল দাস গুৰুতৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয়। ইফালে মৃত্যু হোৱা সপ্তমগৰাকী ব্যক্তিৰ এতিয়াও পৰিচয় উদ্ধাৰ কৰা হোৱা নাই।
লগতে পঢ়ক: ভয়ংকৰ দুৰ্ঘটনাক লৈ ৰাইজৰ প্ৰতিবাদ; ভাঙি পেলোৱা হ’ল টোলগেটৰ সামগ্ৰী
