Voice of Eastern India

সোণাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, উত্তপ্ত পৰিস্থিতি


তীব্ৰবেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দিওৱাত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ক্ষেত্ৰীৰ নলগেদেৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (road accident Assam)।

জানিব পৰা মতে তীব্ৰবেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দিওৱাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো। বাতৰি লিখাৰ পৰলৈকে কমেও তিনিগৰাকী ট্ৰেভেলাৰ যাত্ৰী থিতাতে নিহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাৰ খবৰ লাভ কৰি ক্ষেত্ৰী আৰক্ষী ততাতৈয়াকৈ উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান (Sonapur road accident)।

ইফালে এই শোকাৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰচণ্ড যান-জঁট দেখিবলৈ পোৱা গৈছে। ৰাজপথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে দুৰ্ঘটনাৰ পিছতেই ব্যাহত হৈছে উজনি-নামনিৰ যাতায়াত।

লগতে পঢ়ক: পথ দুৰ্ঘটনাই কাঢ়ি নিলে চলচ্চিত্ৰ পৰিচালক নিমানন্দ দাসক



Source link

Leave A Reply

Your email address will not be published.