গুৱাহাটী মেডিকেল কলেজত স্থাপন হ’ব অত্যাধুনিক প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ
গুৱাহাটী মেডিকেল কলেজত দেশৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰটন বিম খেৰাপী চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে অসম। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই তথ্য। তেওঁ েই সুবিধা স্থাপনৰ বাবে ৰাজ্যিক কেবিনেটে ৬০০ কোটি টকা অনুমোদন দিছে বুলি উল্লেখ কৰে (Guwahati Medical College)।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰস্তাৱিত প্ৰ’টন বিম থেৰাপী মেচিনটো ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাত এই ধৰণৰ প্ৰথমটো সুবিধা হ’ব। এই সুবিধা স্থাপন হ’লে ৰাজ্যখনত উন্নতমানৰ কৰ্কট ৰোগৰ চিকিৎসাৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে (Proton Beam Therapy Assam)।
গুৱাহাটী মেডিকেল কলেজ দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত- দুয়োটা খণ্ড মিলাই প্ৰ’টন বিম থেৰাপী সুবিধা থকা তৃতীয়খন চিকিৎসালয়ত পৰিণত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Cancer Treatment Assam)।
এই প্ৰযুক্তি কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে অধিক লক্ষ্যভিত্তিকভাৱে ৰেডিয়েচন প্ৰদান কৰিব পৰা যায়, যাৰ ফলত চাৰিওফালৰ সুস্থ কলাত ৰেডিয়েচনৰ প্ৰভাৱ সম্ভাৱ্যভাৱে হ্ৰাস কৰিব পাৰি। এই সুবিধাৰ জৰিয়তে অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ কৰ্কট ৰোগীসকলেও চিকিৎসা লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: সোমবাৰে অসম পাবহি নেপালত উদ্ধাৰ হোৱা ৮ অসমীয়াঃ মুখ্যমন্ত্ৰী
