Voice of Eastern India

যুৱ নেতা প্ৰণৱ দলেৰ মুক্তিত গুৱাহাটীত ধৰ্ণা

অখিল গগৈ, জন ইংতি কাথাৰ, লিটচন ৰংফাৰ সুব্ৰত তালুকদাৰ প্ৰমোদ চাগ্ৰাৰ অংশগ্ৰহণ

যুৱ নেতা প্ৰণৱ দলেক বিনাচৰ্তে মুক্তি দিয়ক

ABKK Kamarupa, Guwahati, 22 August 2026: ভূমি অধিকাৰ আন্দোলনৰ নিৰ্ভীক নেতা, সংগ্ৰামী সহযোদ্ধা তথা অসমৰ সুযোগ্য সন্তান প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন প্ৰয়োগ কৰি আজি ডেৰ মাহ ধৰি কাৰাবন্দী কৰি ৰখাৰ তীব্ৰ প্ৰতিবাদ জনাইছে তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমোদ চাগ্ৰাই।

তেওঁৰ বিনাচৰ্তে মুক্তিৰ দাবীত আজি চচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত অনুষ্ঠিত গণ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব। সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ, অসমৰ সদস্যসকলৰ লগতে বিৰোধী দলৰ নেতৃবৰ্গৰ উপস্থিতিয়ে প্ৰতিবাদক অধিক শক্তিশালী কৰি তোলে।

উক্ত গণধৰ্ণাই স্পষ্ট কৰি দিলে—অন্যায়, দমন আৰু ভয় দেখুৱাই অসমৰ মাটি, ভূমিপুত্ৰৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ সংগ্ৰামক স্তব্ধ কৰিব নোৱাৰি। অসমৰ ৰাইজে নিজৰ অধিকাৰৰ বাবে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সাজু।

প্ৰণৱ দলেক বিনাচৰ্তে মুক্তি দিয়ক,
ভূমি অধিকাৰৰ সংগ্ৰামক দমন কৰা বন্ধ কৰক, ইত্যাদি শ্লোগানেৰে গুৱাহাটীৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী জন কণ্ঠই। প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈ, জন ইংতি কাথাৰ, লিটচন ৰংফাৰ, সুব্ৰত তালুকদাৰ, লুৰিণজ্যোতি গগৈ ইত্যাদিয়ে উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.