৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে চিকিৎসালয় খেলপথাৰত পতাকা উত্তোলন কৰি প্ৰলয়ংকৰী বানৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত স্বাধীনতা দিৱস উপলক্ষ্যে পতাকা উত্তোলন কৰে। খানাপাৰা খেলপথাৰৰ পৰা ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। নিজৰ ভাষণত প্ৰলয়ংকৰী বানৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানত প্ৰাণ হেৰুৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানপীড়িত পৰিয়ালসমূহৰ বাবে এক বিস্তৃত পুনৰসংস্থাপন আঁচনিৰ ওপৰত কাম কৰি আছে, য’ত মূল গুৰুত্ব দিয়া হৈছে আন্তঃগাঁথনিৰ পুনৰ্নিৰমাণ আৰু এখন অধিক বান-সহনশীল অসম গঢ়ি তোলাৰ ওপৰত।
তেওঁৰ স্বাধীনতা দিৱসৰ বার্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বানৰ ক্ষয়-ক্ষতিৰ দ্ৰুত ডিজিটেল মূল্যায়নে দ্ৰুত পুনৰসংস্থাপন আৰু পুনৰ্নিৰমাণ সম্ভৱ কৰি তুলিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে শক্তিশালী আন্তঃগাঁথনি, নিৰ্ভৰযোগ্য আগতীয়া সতৰ্কবাণীৰ পূৰ্বানুমান, আধুনিক প্ৰযুক্তি আৰু সহনশীল জীৱিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বানপীড়িত পৰিয়ালসমূহে ক্ষতিগ্রস্ত ঘৰ-দুৱাৰ মেৰামতি আৰু পশুধন, হাঁহ-কুকুৰা, নলীনাদ, তাঁতশাল আৰু বস্ত্ৰ পুনৰুদ্ধাৰৰ বাবে সাহায্য লাভ কৰিব।
তেওঁ লগতে কয় যে, ‘‘বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত টকা-পইচাৰ অভাৱৰ সন্মুখীন হ’বলৈ নিদিওঁ। সকলো প্ৰত্যাহ্বান ওফৰাই যাম আমি। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। ধন্যবাদ জনাইছো NDRF, SDRFৰ লগতে প্ৰতিগৰাকী সেনা জোৱানক বানাক্ৰান্তক সহায় কৰাৰ বাবে। ধন্যবাদ জনাইছো বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আগুৱাই অহা প্ৰতিগৰাকীক লোকক।
বানপীড়িত পৰিয়ালসমূহৰ বিত্তীয় বোজা লাঘৱ কৰিবলৈ চৰকাৰে ঋণ পৰিশোধৰ স্থগিতাদেশো (moratorium) প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ সময়ত শিক্ষাক সুৰক্ষিত কৰি ৰখা হ’ব। বানপানীয়ে যাতে শিক্ষাৰ্থীসকলৰ শিক্ষা আৰু ভৱিষ্যতৰ সম্ভাৱনাত ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে ক্ষতিগ্রস্ত বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলক সাহায্য প্ৰদান কৰা হ’ব।
“এই কঠিন সময়ত চৰকাৰে কেৱল সাহায্য প্ৰদানতে নিজকে সীমিত ৰখা নাই। আমি প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাষত থিয় দিছোঁ আৰু তেওঁলোকক স্বাভাৱিক জীৱনলৈ ঘূৰি অহাত সহায় কৰিবলৈ জৰুৰীভাৱে কাম কৰি আছোঁ” বুলিও তেওঁ কয়।
স্বাধীনতা দিৱসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে দেশপ্রেম ভাৰতীয় সভ্যতাৰ এক অবিচ্ছেদ্য অংগ আৰু ভৱিষ্যত প্ৰজন্মই এই সভ্যতামূলক বার্তা আগুৱাই লৈ যাব।
মুখ্যমন্ত্ৰী গৰাকীয়ে “স্বাধীনতা দিৱস কেৱল এক ৰাষ্ট্ৰীয় উৎসৱ নহয়। অগণন দেশপ্ৰেমিকৰ ত্যাগ, তপস্যা, সাহস আৰু আত্মবলিদানক স্মৰণ কৰাৰ ই এক পৱিত্ৰ উপলক্ষ্য” বুলিও কয়।
লগতে পঢ়ক: ২০৩৬ চনৰ অলিম্পিকৰ বাবে মিছন আৰম্ভ; লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা
