Voice of Eastern India

কৃতী ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন বিধায়ক নৱ কুমাৰ দলেৰ

টীম ঢকুৱাখনাৰ প্ৰয়াসক শলাগ ৰাইজৰ


ঢকুৱাখনাত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন বিধায়ক নৱ কুমাৰ দলেৰ

 

ABKK Kamarupa, 26 July 2026 Dhakuwakhona: উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ মহলালৈকে চূড়ান্ত পৰ্যায়ৰ ৰাজ্যিক আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সুফল অৰ্জন কৰা ঢকুৱাখনা বিধানসভা সমষ্টিৰ কৃতী বিদ্যাৰ্থীসকলক ৰাজহুৱা আদৰ-সম্ভাষণ জনোৱাৰ উদ্দেশ্যে টীম ঢকুৱাখনাৰ সহযোগত আজি ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত আয়োজিত ষষ্ঠদশ বাৰ্ষিক অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি ২,৪০০ গৰাকীৰো অধিক কৃতী শিক্ষাৰ্থীক আদৰণি জনোৱা দেখা গ’ল।

নৱ কুমাৰ দলেয়ে ২০১১ চনত প্ৰথমবাৰলৈ ঢকুৱাখনাৰ বিধায়ক নিৰ্বাচিত হোৱাৰে পৰা প্ৰতি বছৰে ঢকুৱাখনা সমষ্টিবাসীৰ সহযোগত এই বাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠান এতিয়া ঢকুৱাখনাৰ এক সুন্দৰ সামাজিক পৰম্পৰাত পৰিণত হৈছে।

অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা আজিৰ সভাৰ সভানেত্ৰী শ্ৰীমতী পুষ্পা গগৈ, অনুষ্ঠানৰ মুখ্য অতিথি অসম শিশু সাহিত্য ন্যাসৰ সচিব, বিশিষ্ট সাহিত্যিক, সুবক্তা শ্ৰীযুত ঋষিকেশ গোস্বামী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ শ্ৰীযুত সুনীল কুমাৰ পেগু, সম জিলা আয়ুক্ত শ্ৰীযুত অপূৰ্ব কুমাৰ নাথ, ঢকুৱাখনাৰ সম জিলাৰ বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধানসকল, বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী, জ্যেষ্ঠ নাগৰিক সমাজ, জাতীয় সংগঠনৰ নেতৃবৰ্গ, আভিভাৱক, শিক্ষাৰ্থী আৰু সমষ্টিৰ বিভিন্ন স্থানৰ পৰা সমবেত সচেতন ৰাইজ উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.