Voice of Eastern India

এভাৰেষ্ট বিজয়ী ৰূপামণি গড়লৈ অসম আৰক্ষীৰ চাকৰি: মুখ্যমন্ত্ৰীৰ বিশেষ সম্বৰ্ধনা


এভাৰেষ্ট বিজয়ী ৰূপামণি গড়ক মুখ্যমন্ত্ৰীৰ বিশেষ সম্বৰ্ধনা: ১০ লাখ টকাৰ সাহাৰ্য আৰু অসম আৰক্ষীত চাকৰিৰ আশ্বাস

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰি ইতিহাস ৰচা প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহী ৰূপামণি গড়ক ২৬ জুলাইত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গুৱাহাটীত আয়োজিত এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰ্বতাৰোহীগৰাকীক ফুলাম গামোচা, ফুলৰ থোপা আৰু পৰম্পৰাগত শৰাইৰে সন্মান জনায় । ইয়াৰ উপৰিও তেওঁৰ এই ঐতিহাসিক কৃতিত্বৰ স্বীকৃতিস্বৰূপে ১০ লাখ টকাৰ এক আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই ৰূপামণি গড়ৰ অভূতপূৰ্ব অৱদানক সমাদৰ জনাই অসম আৰক্ষীত এটা পদবীত নিযুক্ত কৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “ৰূপমণি গড়ৰ এই সাফল্য সমগ্ৰ অসমৰ বাবে এক গৌৰৱময় ক্ষণ । তেওঁৰ অপৰাজয় মনোভাৱ, পৰিশ্ৰম আৰু দৃঢ়তাই ৰাজ্যৰ উদীয়মান যুৱ প্ৰজন্মক প্ৰত্যাহ্বান নেওচি সপোন খেদাৰ প্ৰেৰণা যোগাব ।”

উল্লেখযোগ্য যে, মাউন্ট এভাৰেষ্টৰ দৰে অত্যন্ত দুৰ্গম আৰু প্ৰত্যাহ্বানপূৰ্ণ অভিযান সফল কৰি ৰূপামণি গডে অসমৰ ক্ৰীড়া তথা দুঃসাহসিক অভিযানৰ ইতিহাসত সোণালী আখৰেৰে নাম লিপিবদ্ধ কৰিলে । তেওঁৰ এই অসাধাৰণ সফলতাক ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজে আদৰণি জনোৱাৰ লগতে ৰাজনৈতিক আৰু সামাজিক নেতৃত্বই ইয়াক অসমৰ ক্ৰীড়া জগতৰ বাবে এক নতুন মাইলৰ খুঁটি বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান



Source link

Leave A Reply

Your email address will not be published.