সোনম ৱাংচুকৰ সপক্ষে ভাৰতৰ প্ৰতিজন জনতা এক হওক : বহুবাক
চৰকাৰী যন্ত্ৰ ইমান নিদাৰুণ কিয় : সকলোৰে প্ৰশ্ন
গুৱাহাটী, ১৬ জুলাই : লাডাখৰ প্ৰখ্যাত জলবায়ু কৰ্মী তথা বিজ্ঞানী সোনম ৱাংচুকৰ অনশনে বৃহস্পতিবাৰে ১৯ দিনত খোজ দিয়াৰ পিছত দিল্লীৰ মচনদে সাৰ নোপোৱাটো বৰ দুখজনক, পৰিতাপৰ বিষয়। সোনম ৱাংচুকৰ সপক্ষে ভাৰতৰ প্ৰতিজন জনতা এক হওক। অন্যথা ভাৰতে এজন সঁচা মানুহক হেৰুৱাব— আজি এক বিবৃতিত এনেদৰে মতপোষণ কৰিছে বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই। বহুবাকৰ প্ৰধান সম্পাদক গৰাকীয়ে কয়- “চৰকাৰী যন্ত্ৰ ইমান নিদাৰুণ কিয় (?) । ভাৰতীয় বিদ্যাৰ্থীৰ ভৱিষ্যৎ চিন্তা কৰি ৱাংচুকৰ এই অনশন। ভাৰতৰ প্ৰতিটো ছাত্ৰ সংগঠন, বিৰোধি প্ৰতিটো দল, প্ৰতিটো সংবাদ মাধ্যম, ভাৰতক ভালপোৱা প্ৰতিজন ব্যক্তি ৱাংচুকৰ সমৰ্থনত জপিয়াই দেশক জাগ্ৰত কৰিব লাগে। হাতত এধানি মানো সময় নাই। কেন্দ্ৰীয় চৰকাৰৰ এই চূড়ান্ত নিষ্ক্ৰিয়তাক দেশৰ জনগণে চাই আছে। এদিন নহয় এদিন ইয়াৰ ফল ভূগিব ।” ভাৰত চৰকাৰলৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাৰ বিনয়ী মিনতি “ৱাংচুকৰ ওচৰত থিয় হওক। তেওঁৰ কথা শুনক। দেশৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ চিন্তা কৰক।” ৱাংচুকৰ কথা দিল্লীয়ে শুনিবলৈ আৰু তেওঁৰ চিন্তাক সহযোগ কৰিবলৈ দাবী জনাইছে- বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ লক্ষ্মীন্দ্ৰ সিংহ, অসম শিশু সাহিত্য সমাজৰ সভাপতি প্ৰদীপ নাৰায়ণ ভট্ট, পৰাগজ্যোতি প্ৰকাশন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস, বিশিষ্ট শিক্ষক-চিন্তাবিদ বাসুদেৱ মালী আদি দল-সংগঠনে ।

