Voice of Eastern India

শিল্পী মনিষা হাজৰিকাক জীৱনজোৰা সাধনা বঁটা প্ৰদান সপ্তম এচিয়ানেট আইকন খেলুৱৈ কাচে টেৰণপী, মমতা মহিলাৰীলৈ

গুৱাহাটী ৩ জুলাই ২০২৬ : ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিটো মুহুৰ্ত, তেওঁলোকৰ আদৰ্শ প্ৰতিভাই মোক প্ৰতি দিনে উৎসাহিত কৰি আহিছে। জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে আৰু অসম আৰু অসমীয়া ভাষা-সাহিত্য-কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে দায়বদ্ধতাৰে কাম কৰাত মনত উদ্যম বঢ়াই তোলে। গতিকে আমাৰ দৰে সংস্কৃতিৰ সাধকক এনেদৰে ৰাজহুৱাভাৱে সন্মান জনোৱা এচিয়ানেট আইকন এৱাৰ্ডৰ সমূহ জুৰী সদস্য আৰু উদ্যোক্তাক কৃতজ্ঞতা জনালোঁ। যোৱা ২ জুলাইৰ নিশাত আইটিএ সাংস্কৃতিক প্ৰকল্প মাছখোৱাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সপ্তম এচিয়ানেট আইকন এৱাৰ্ড অনুষ্ঠানত এই মন্তব্য আগবঢ়াইছে অসমীয়া কৃষ্টি সংস্কৃতিৰ নিৰৱ সাধক তথা শিল্পী জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী শিল্পী মনিষা হাজৰিকাই। অভিনেত্ৰী কিংকিনী গোস্বামী আৰু নৃত্যশিল্পী শ্বাহৰুখ আলি খানে আঁত ধৰা সপ্তম এচিয়ানেট আইকন এৱাৰ্ডৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিংগিয়ানীয়ে আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, অভিনেত্ৰী সুনীতা কৌশিক আৰু ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআৰ উপ-সভাপতি ড° অৰিন্দম প্ৰিন্স পাংগিং, নিৰুপম দাস, ৰাজীৱ দাস ইত্যাদিয়ে।
অনুষ্ঠানতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা বেডমিন্টন কাৰ্বি আংলঙৰ খেলুৱৈ তথা মহিলা সমাজকৰ্মী কাচে টেৰণপী, “চিংখাই” আৰু “মৰমৰ দেউতা” চলচ্চিত্ৰৰ প্ৰযোজক মমতা মহিলাৰী, অভিনেত্ৰী হেলিনা দৈমাৰী, চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক ৰাজা দৈমাৰী, বিশিষ্ট কবি- সাহিত্যিক ড° মধুমিতা শইকীয়া, ফেশ্বন ডিজাইনাৰ দিপাংকৰ কাশ্যপ, ৰিচা ৰাভা, মেঘনা যায় মেধি, অভিনেত্ৰী অনিন্দিতা দাস, প্ৰিয়ংকা বৈশ্য, ফেইৰী প্ৰিয়া আহমেদ, সুচিকিৎসক ডাঃ মৃগাংক দেউৰী ভৰালী, অভিনেতা বুকুল নাৰ্জাৰী, ৰাজ চাংমা, মডেল কৰিশ্মা হাজৰিকা, মমী দত্ত,নিখিল দত্ত, জনগোষ্ঠীয় নেতা অৰিন্দম প্ৰিন্স পাংগিং, অধিবক্তা চুমী মেধি, ৰৌজি আহমেদ, মিচিং শিল্পী সৰ্বেশ্বৰ কাৰ্দং, জনপ্ৰিয় কন্টেন্ট ক্ৰীয়েটৰ ভূষণ পাঠক, মধুস্মিতা শৰ্মা, ৰিপুন-পূজা ইত্যাদিক বিভিন্ন ক্ষেত্ৰত থকা প্ৰতিভা আৰু কৃতিত্বৰ বাবে সপ্তম এচিয়ানেট আইকন এৱাৰ্ডৰে বিভূষিত কৰা দেখা গ’ল। উল্লেখযোগ্য যে বলিউডৰ অভিনেত্ৰী প্ৰীতি জাংগিয়ানীক অনুষ্ঠানতে বিহুনাচ শিকোৱাৰ লগতে দৈ-চিৰা, তিল পিঠা পনা, নাৰিকলৰ লাড়ু, ফুলাম গামোচাৰে সাদৰ-আদৰ কৰে অসমীয়া মোহময়ী অভিনেত্ৰীয়ে।
নিশালৈ দেশভক্তিমূলক গীত-মাত, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত, জুবিন গাৰ্গৰ সংগীত পৰিৱেশন আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰীয়ে সাংস্কৃতিক সন্ধিয়া জীপাল কৰি তোলে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.