Soil erosion in Afala Charaipara Ligiribari Marisuti Desangmukh Boloma area
UTOA demand immediate control the erosion

UTOA demand immediate measurable steps to control erosionদিচাংমুখৰ ভয়াৱহ গৰাখহনীয়াক লৈ উদ্বিগ্ন ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম (ইউটিঅআ)
দিচাংমুখৰ পৰা ৰজনীকান্ত পাংগিং ৰিপোৰ্ট, ৫ জুলাই ২০২৬ :- দীঘলীয়া সময় ধৰি অফলা আৰু লিগিৰীবাৰী গাঁৱৰ শ-শ হেক্টৰ কৃষি ভূমি ব্ৰহ্মপূত্ৰৰ বুকুত বিলীন হৈ গৈছে গতিকে ইয়াৰ স্থায়ী সমাধানৰ বাবে বিশেষজ্ঞ অভিযন্তাৰ জৰিয়তে বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণৰ দাবী জনাইছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআৰ সভাপতি মাৰ্কোচ বসুমতাৰীয়ে।
জনজাতি অধ্যুষিত অঞ্চলসমূহক অসম চৰকাৰৰ এগৰাকী দায়বদ্ধশীল আৰু প্ৰগতিশীল মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই মাহীমাকৰ দৃষ্টিৰে নাচাই জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ গুৰু দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআৰ সভাপতি মাৰ্কোচ বসুমতাৰীয়ে।
যিহেতু বাৰিষাৰ আগমনৰ লগে লগেই শংকিত হৈ দিন অতিবাহিত কৰিছে নৈপৰীয়া গঞা ৰাইজ।
১৯৯৬-৯৭ চনৰে পৰা গৰাখহনীয়া সমস্যাত ভুগি আছে বৃহত্তৰ অঞ্চলটো। চৰকাৰী বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যালয়, মিচিং জনগোষ্ঠীৰ প্ৰথা পৰম্পৰাগত কবৰস্থান, মুৰংঘৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নামঘৰ, নৱবৈষ্ণৱ কলা-কৃষ্টিৰ মঠ মন্দিৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। তথাপি কোনো এখন চৰকাৰে সদিচ্ছাৰে দিচাংমুখ-অফলা, চৰাইপৰা, মামল গড়ভঙা লিগিৰীবাৰী গাঁৱৰ কৃষিভূমি আৰু পশুধনৰ গোহালি কৃষিপাম ঘৰ বাৰী আৰু জীৱন সম্পত্তি ৰক্ষণাবেক্ষণত হাত উজান দি আহিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰিছে জনজাতি সংগঠনৰ নেতা মাৰ্কোচ বসুমতাৰীয়ে।
বৰ্তমানো ৪ কি:মি: গঢ়াখহনীয়াৰ কবলত কেবাখনো ৰাজহ গাঁও।
অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ওচৰত বিজ্ঞান সন্মত সমাধান কৰাৰ নাই কোনো ধৰণৰ সূত্ৰ।
মথাউৰিৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বলৈকে গৰাখহনীয়া কবলত ঐতিহ্যমণ্ডিত অফলা মিচিং গাঁও।
খৰালি কালত বিভাগে গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ।
বাতৰি পৰিৱেশনৰ পাছতহে শিৱসাগৰ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে কাম কৰাৰ অভিযোগ স্থানীয় সচেতন ৰাইজৰ
অচিৰেই শিৱসাগৰ নগৰ অনাকাংক্ষীত বানপানীত ডুব যোৱাৰ আশংকা। দিচাংমুখ-অফলা সংযোগী মথাউৰি চিগিলেই ৰক্ষা নপৰিব ঐতিহাসিক নগৰ শিৱসাগৰ আৰু আহোম ৰাজত্ব কালৰ ঐতিহাসিক মঠ মন্দিৰ দেৱালয়, শিৱদৌল দেৱী দৌল, বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ সমূহ।
অফলা মিচিং গাঁৱৰ লগতে, চৰাইপৰা, মামল গড়ভঙা, লিগিৰীবাৰী গাঁৱৰ কৃষিভূমি আৰু পশুধনৰ গোহালি, কৃষিপাম, ঘৰ বাৰী সকলো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। কূম্ভকৰ্ণ নিদ্ৰাত মগ্ন জলসম্পদ বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী। জনজাতি অধ্যুষিত অঞ্চলত হোৱা তীব্ৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু স্থায়ী সমাধানৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু বিভাগীয় মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআৰ উপ-সভাপতি অৰিন্দম প্ৰিন্স পাংগিঙে। স্বাধীনতাৰ পাছতো অসমৰ জনজাতি সমাজ বানপানী আৰু তীব্ৰ গৰাখহনীয়াত ভাৰাক্ৰান্ত হৈ জীৱন জীৱিকাত বিৰূপ প্ৰভাৱ কৰিছে। কৃষিভূমি আৰু ঘৰ-বাৰীৰ সমস্যাত পৰি বহু পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱাত বহু যুৱক যুৱতী কৰ্ম সংস্থাপন বিছাৰি বহি ৰাজ্যত দুৰ্বিসহ জীৱনৰ লগত মোকাবিলা কৰিব লগাত পৰিছে। গতিকে বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে পাইলট প্ৰজেক্ট আঁচনিৰ সমাধান কৰিবলৈ আহ্বান জনাইছে জনগোষ্ঠীয় নেতা অৰিন্দম প্ৰিন্স পাংগিঙে। লগতে বানপীড়িত আৰু গঢ়া খহনীয়াগ্ৰস্ত পৰিয়ালক অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে উচিত ক্ষতিপূৰণ, অসমৰ বিভিন্ন ঠাইত থকা মাটিত পুনৰ সংস্থাপন, ভূমিপুত্ৰক ভূমি অধিকাৰ সুৰক্ষিত কৰিবলৈয়ো টানি অনুৰোধ কৰিছে অৰিন্দম প্ৰিন্স পাংগিঙে।
