কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা বৃহস্পতিবাৰে ভংগ হয়। এই মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩১ চনলৈকে একো চিন্তা নকৰো বুলি মন্তব্য কৰিছে।
মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ । দুয়োটা দলৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা থাকে বা নাথাকে এই বিষয়ত চিন্তা কৰাৰ সময় নহয় এতিয়া।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ২০৩১ চনলৈকে মই এইবোৰ চিন্তা নকৰো। এতিয়া অসমৰ কাৰণে কাম কৰাৰ সময়। দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ ভগৱানে সকলোকে নিদিয়ে।ভগৱানে মোক আশীৰ্বাদ দিছে, ৰাইজৰ পৰা মই আশীৰ্বাদ পাইছো। অহা ৫ বছৰৰ মোৰ কাম হৈছে অসমৰ ৰাইজৰ কাম কৰা। এইবিলাকত সোমাই থাকিলে মই কাম কৰিব নোৱাৰিম। তেওঁলোকৰ মিত্ৰতাৰ কথা মই নাজানো।
লগতে পঢ়ক: ‘অসম আৰক্ষীত পুনৰ ১৫-২০ হাজাৰ নিযুক্তি দিয়া হ’ব’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
