Voice of Eastern India

‘হিমন্ত দাৰ শক্তি-গতি Gen Zৰ দৰে’-মুখ্যমন্ত্ৰীক জীত আদানীৰ প্ৰশংসা


হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মস্পৃহাৰ শলাগ জীত আদানীৰ, কৰিলে Gen Zৰ সৈতে তুলনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা আদানী গ্ৰুপৰ সঞ্চালক জীত আদানীৰ। মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহা, কৰ্মপটুতাৰ শলাগ ল’লে বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ পুত্ৰ জীত আদানীয়ে। মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি  GEN Zৰ সৈতেও তুলনা কৰিলে তেওঁ (eet Adani Himanta Biswa Sarma)।

দেওবাৰে এক অনুষ্ঠানত অসমৰ বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজ্যখনৰ উন্নয়নমূলক প্ৰকল্পসমূহ দ্ৰুতগতিত ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদ্ধতিৰ প্ৰশংসা কৰে উদ্যোগপতিগৰাকীয়ে। ধুবুৰী জিলাৰ চাপৰত প্ৰস্তাৱিত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন আল্ট্ৰা ছুপাৰক্ৰিটিকেল তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে (eet Adani praises Himanta Biswa)।

আধাৰশিলা স্থাপনৰ অনুষ্ঠানত ভাষণ দি জীত আদানীয়ে কয় যে অসমত আদানী গ্ৰুপৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল ৰাজ্যখনৰ উন্নয়নত অৰিহণা যোগোৱা।

আদানীয়ে কয় যে প্ৰকল্পসমূহ সময়মতে ৰূপায়ণ আৰু নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বই অসমত গ্ৰুপটোৰ কাম-কাজৰ সময়ছোৱাত তেওঁলোকক উৎসাহিত কৰিছে।

তেওঁ কয়, “তেওঁ উন্নয়ন কেৱল কাগজ-পত্ৰ, ফাইল বা প্ৰেজেণ্টেচনত আবদ্ধ হৈ থকাটো নিবিচাৰে–তেওঁ উন্নয়ন যিমান সম্ভৱ সিমান দ্ৰুতগতিত বাস্তৱায়িত হোৱা দেখিব বিচাৰে।”

জীত আদানীয়ে মুখ্যমন্ত্ৰীৰ কৰ্মপদ্ধতিক সিদ্ধান্ত গ্ৰহণৰ দ্ৰুততা, কাম ৰূপায়ণৰ ক্ষেত্ৰত তৎপৰতা আৰু নতুন ধাৰণাক আদৰণি জনোৱাৰ মানসিকতাৰে চিহ্নিত বুলি উল্লেখ কৰে।

তেওঁ কয়, “অন্য ধৰণে ক’বলৈ গ’লে-হিমন্ত দাৰ শক্তি আৰু গতি সম্পূৰ্ণৰূপে Gen Z-ৰ দৰে!” আদানীয়ে লগতে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’লেও তেওঁৰ কৰ্মপদ্ধতি এগৰাকী CEO-ৰ দৰে, যিয়ে প্ৰকল্পসমূহৰ অগ্ৰগতি, সময়সীমা আৰু ৰূপায়ণৰ ওপৰত নজৰ ৰাখে (Himanta Biswa Sarma Gen Z)।

জীত আদানীয়ে কয় যে অসমে অৰ্থনৈতিক বিকাশ আৰু ব্যৱসায় কৰাৰ সহজ পৰিৱেশৰ লগতে সামাজিক উন্নয়ন আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাকো একেলগে আগবঢ়াই নিয়াৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে।

তেওঁ কয়, “বিনিয়োগকাৰী হিচাপে আমি ইয়াত এনে এখন চৰকাৰ দেখিছোঁ, যিখন উচ্চাকাংক্ষী, সক্ৰিয় আৰু ৰাজ্যবাসীৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”

এই মন্তব্য ধুবুৰী জিলাৰ চাপৰত প্ৰস্তাৱিত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰকল্পটোৰ ভূমি পূজনৰ সময়ত কৰে জীত আদানীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পক অসমৰ দীৰ্ঘম্যাদী বিদ্যুৎ সুৰক্ষা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে।

লগতে পঢ়ক: চাপৰত ৩,২০০ মেগাৱাট তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন



Source link

Leave A Reply

Your email address will not be published.