অসমত ইছৰোৰ বৃহৎ পদক্ষেপ, চন্দ্ৰপুৰত অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা
সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চন্দ্ৰপুৰত ইছৰোৰ ISTRAC Advanced Radar Research Facility (IARRF)-ৰ ভূমি পূজন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপে ৰাজ্যখনৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উন্নয়নৰ সূচনা কৰিছে (Chandrapur ISRO Radar Centre)।
ইছৰোৰ NETRA কাৰ্যসূচীৰ অংশ হিচাপে স্থাপন হ’বলগীয়া এই কেন্দ্ৰটোত উন্নত ৰাডাৰ ব্যৱস্থা আৰু অপটিকেল টেলিস্কোপ ব্যৱহাৰ কৰি মহাকাশত থকা বিভিন্ন বস্তুৰ গতিবিধি অনুসৰণ কৰা হ’ব। ইয়াৰ জৰিয়তে ভাৰতৰ মহাকাশ সম্পদসমূহৰ সুৰক্ষা আৰু নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে (ISRO NETRA Programme)।
এই প্ৰকল্পটোৰ বাবে অসম চৰকাৰে প্ৰায় ২০০ বিঘা ভূমি প্ৰদান কৰিছে। এই কেন্দ্ৰটো স্থাপনৰ ফলত দেশৰ মহাকাশ গৱেষণা আৰু বৈজ্ঞানিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক বিস্তৃত হোৱাৰ সম্ভাৱনা আছে (Space Research Assam)।
আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক এই উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ বাবে নিৰ্বাচন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইছৰোৰ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰ স্থাপনৰ ফলত ভাৰতৰ মহাকাশ গৱেষণা ক্ষেত্ৰৰ মানচিত্ৰত অসমৰ স্থান অধিক দৃঢ় হ’ব আৰু ৰাজ্যখনৰ বৈজ্ঞানিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ অগ্ৰগতি।
তেওঁ কয় যে এসময়ত অশান্তিৰ সময়ছোৱাৰ মাজেৰে পাৰ হোৱা অসমে এতিয়া নতুন প্ৰতিষ্ঠান গঢ়ি তোলা আৰু নতুন সুযোগ সৃষ্টি কৰাৰ দিশত আগবাঢ়িছে। চন্দ্ৰপুৰৰ এই কেন্দ্ৰটোৱে অসমক মহাকাশ বিজ্ঞান আৰু গৱেষণাৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰোৱাৰ সূচনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
লগতে পঢ়ক: ‘হিমন্ত দাৰ শক্তি-গতি Gen Zৰ দৰে’-মুখ্যমন্ত্ৰীক জীত আদানীৰ প্ৰশংসা
