Voice of Eastern India

‘সাংসদ হৈ কি ক’ব শিৱামণি বৰাই, ইংৰাজী, হিন্দী একো নাজানে?’;


নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাক কটাক্ষ কৰে তৃণমূল কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদে।

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ TMCৰ প্ৰাৰ্থী আব্দুল চালামৰ হৈ মনোনয় পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে বাঘবৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ। নগাঁৱত উপস্থিত হৈ শ্বেৰমান আলী আহমেদে কয় যে,কংগ্ৰেছে শিৱামণি বৰাক টিকট দিলে।কিন্তু ৬০ শতাংশ সংখ্যালঘু অঞ্চলৰ বাবে এজন সংখ্যালঘু প্ৰাৰ্থী কিয় কংগ্ৰেছে নিদিলে।

তেওঁ আৰু কয়, এই গৰাকীয়েই সেই গৰাকী শিৱামণি বৰা যি গৰাকীয়ে ৫ বছৰ বিধায়ক হৈ থকাৰ সময়তেই বৰদোৱাত উচ্ছেদ হ’ল।কিন্তু তেওঁ একো এটা শব্দ নকৰিলে। সেই শিৱামণি বৰাই সংসদত গৈ ৰাইজৰ স্বাৰ্থৰ হকে যে মাত মাতিব তাক সন্দেহ আছে। তেওঁটো ইংৰাজী হিন্দী একোৱেই নাজানে। এই ভাৰতত যদি বিজেপিৰ বিৰুদ্ধে কোনোবা শক্তিশালী দল আছে তেনেহলে সেইটো হৈছে তৃণমূল কংগ্ৰেছ। তেনেক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফ এ ভোট বিভাজন নকৰি আমাক সমৰ্থন কৰিব লাগিছিলে।

আনহাতে বদৰুদ্দিন আজমলক কটাক্ষ কৰি তেওঁ কয় যে, ১০ বাৰ বিধায়ক হ’লেই নিজকে অভিজ্ঞ বুলি নকয়। তেওঁৰ সমষ্টিত এতিয়াও কেচা ৰাস্তা আছে। ধুবুৰী বাসীৰ বাবে তেওঁ একোৱেই কৰা নাই। তেওঁ পঞ্চায়তৰ আঁচনি উদ্ধোধন কৰিবলৈও বিধায়কক লগত লৈ যায়। বদৰুদ্দিন আজমলক অভিজ্ঞ বুলি নকয়, তেওঁ এজন প্ৰৱঞ্চক।

লগতে পঢ়ক: ‘কংগ্ৰেছক ভোট দিয়া আৰু বিজেপিক ভোট দিয়া একেই কথা’; বদৰুদ্দিন আজমল



Source link

Leave A Reply

Your email address will not be published.