Voice of Eastern India

যান-বাহন আইন ভংগ কৰা গ্ৰীণবাছৰ বিৰুদ্ধে কঠোৰ এক্সন


যান-বাহন আইন ভংগ কৰা গ্ৰীণবাছৰ বিৰুদ্ধে কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। ৬৩ গৰাকী গ্ৰীণবাছৰ চালক-হেণ্ডিমেনৰ বাতিল কৰা হ’ল অনুজ্ঞা-পত্ৰ ।

গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাক অধিক সুৰক্ষিত আৰু শৃংখলিত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰে পৰা চহৰখনত চলাচল কৰা চিএনজি আৰু বিদ্যুৎচালিত ‘গ্ৰীণবাছ’সমূহে যিকোনো ধৰণৰ ট্ৰেফিক নিয়ম উলংঘা কৰিলে বাছখনক ৭ দিনৰ বাবে ৰাজপথৰ পৰা আঁতৰাই ৰখা হ’ব ।

ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ প্ৰৱৰ্তন শাখাই নিয়ম উলংঘা কৰাৰ অভিযোগত ৬৩ গৰাকী গ্ৰীণবাছ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ।

কিয় লোৱা হৈছে এই কঠোৰ সিদ্ধান্ত ?

শেহতীয়াকৈ গুৱাহাটীৰ গ্ৰীণবাছসমূহৰ বিৰুদ্ধে তীব্ৰ যান-বাহন জঁট সৃষ্টি কৰা, চালকৰ উদণ্ডালি আৰু যাত্ৰীৰ সুৰক্ষা বিঘ্নিত কৰাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল । প্ৰশাসনৰ মতে, বাছসমূহৰ বিৰুদ্ধে মূলতঃ তলত উল্লেখ কৰা অভিযোগসমূহ আহিছিল :

-নিৰ্ধাৰিত পথ সলনি কৰা

-বেপৰোৱাভাৱে গাড়ী চলোৱা আৰু হঠাতে ব্ৰেক মৰা

-যাত্ৰী উঠা-নমা কৰাৰ বাবে মাজ ৰাস্তাতে বাছ ৰখাই থোৱা

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে কয় যে ৰাইজৰ এই অভিযোগসমূহক প্ৰশাসনে অত্যন্ত গুৰুত্বসহকাৰে লৈছে । আঞ্চলিক পৰিবহন কৰ্তৃপক্ষৰ জৰিয়তে এই নতুন নিয়মসমূহ অতি সোনকালে আনুষ্ঠানিকভাৱে বলৱৎ কৰা হ’ব ।

একোটা মাত্ৰ অভিযোগতেই হ’ব একচন: উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পথ উলংঘাৰ এটা মাত্ৰ অভিযোগ পালেও চালক-কণ্ডাক্টৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে বাছখনৰ চলাচল ৭ দিনৰ বাবে নিষিদ্ধ কৰা হ’ব ।

গ্ৰীণবাছৰ বাবে নতুন নিৰ্দেশনাসমূহ:

গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে কেইবাটাও নতুন নিয়ম বান্ধি দিছে :

বাওঁফালৰ লেন বাধ্যতামুলক: গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই জানিবলৈ দিয়ে যে গ্ৰীণবাছসমূহ সদায় ৰাস্তাৰ বাওঁফালৰ লেনেদিহে যাব লাগিব ।

অভাৰটেক কৰাত নিষেধাজ্ঞা: যদি সন্মুখৰ বাছখন ষ্টপেজত ৰৈ থাকে, তেন্তে পিছৰ বাছখনে সোঁফালৰ লেনলৈ গৈ তাক অভাৰটেক কৰিব নোৱাৰিব । এই নিয়ম ভাঙিলে বাছখন ৭ দিনৰ বাবে জব্দ কৰা হ’ব ।

সকলো পথতে সমভাৱে বাছ মোতায়েন: প্ৰশাসনে লক্ষ্য কৰিছে যে চহৰখনৰ কিছুমান নিৰ্দিষ্ট পথত অত্যধিক গ্ৰীণ বাছ চলাচল কৰে, যাৰ ফলত ট্ৰেফিক জাম হয় । সেয়েহে, অসম ৰাজ্যিক পৰিবহন নিগম-ক নিৰ্ধাৰিত ১৬-১৭টা পথত সমানুপাতিকভাৱে বাছসমূহ বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

জিলা প্ৰশাসনে জনোৱা মতে, মটৰ বাহন আইনৰ অধীনত নিয়ম উলংঘা কৰা যিকোনো গ্ৰীণবাছৰ বিৰুদ্ধে সৰ্বোচ্চ কঠোৰ শাস্তি বিহা হ’ব । এই অভিযানে গুৱাহাটীৰ পৰিবহন ব্যৱস্থা অধিক যাত্ৰীবান্ধৱ আৰু সুৰক্ষিত কৰি তুলিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ৰাজপথত গুণ্ডাগিৰি কৰা স্বয়ম্ভু বিজেপি নেতা অভিলাষ দত্তক গ্ৰেপ্তাৰ



Source link

Leave A Reply

Your email address will not be published.