Voice of Eastern India

‘মই তাইক মৰা নাই, বচাবলৈহে গৈছিলো’ ; প্ৰথমবাৰলৈ মুখ খুলিলে আৰিয়ান গোস্বামীয়ে


৩ দিন পূৰ্বে ৰহস্যজনক অৱস্থাত যোৰহাটৰ ফ্লেটত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়াৰ মৃতদেহ। সেই ঘটনা সন্দৰ্ভত বুধবাৰে মুখ খুলিছে আৰিয়ান গোস্বামীয়ে।

প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীয়ে।আৰিয়ান গোস্বামীয়ে কয় যে,’মই তাইক মৰা নাই, বচাবলৈহে গৈছিলো। তাই খাই পৰি আছিলে’।

যোৰহাটৰ ড্ৰাগছৰ পাৰ্টীত অন্বেষা গোস্বামীৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক মঙলবাৰে গোলাঘাটত গ্ৰেপ্তাৰ কৰিছিল যোৰহাট আৰক্ষীয়ে। বুধবাৰে পুৱা স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ আৰিয়ান গোস্বামীক যোৱাৰ সময়তে এই মন্তব্য কৰে।

৩ দিন পূৰ্বে ৰহস্যজনক অৱস্থাত ফ্লেটত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়াৰ মৃতদেহ। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল আৰিয়ান গোস্বামী।

লগতে পঢ়ক: যোৰহাটৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ



Source link

Leave A Reply

Your email address will not be published.