Voice of Eastern India

খেল মহাৰণ ৩.০ৰ শুভাৰম্ভণি; লগ’, জাৰ্ছী, শুভংকৰ আৰু…


শুকুৰবাৰে কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত খেল মহাৰণ ৩.০ৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত খেল মহাৰণৰ লগ’, জাৰ্ছী, শুভংকৰ আৰু থীম ছং মুকলি কৰে।

অসম চৰকাৰে ৩০ অক্টোবৰত খেল মহাৰণৰ তৃতীয় সংস্কৰণ মুকলি কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে।

৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ক্ৰীড়া প্ৰতিযোগিতাখনৰ পূৰ্বে খেল মহাৰণৰ ল’গ’ থকা জাৰ্ছি, মাস্কট আৰু থিম চং উন্মোচন কৰা হয়। মুকলি অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে খেল মহাৰণৰ এই তৃতীয় সংস্কৰণে সমগ্ৰ ৰাজ্যৰ উদীয়মান ক্ৰীড়া প্রতিভাক উৎসাহিত কৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানৰ অংশ হিচাপে আঠটা ক্ৰীড়া শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সোণালী বান্দৰৰ পৰা অনুপ্ৰাণিত হৈ খেল মহাৰণৰ শুভংকৰ প্ৰস্তুত কৰা হৈছে। জনসাধাৰণৰ মাজত পৰিচিতি তথা এক সুন্দৰ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে এই সোণটো নামটো নিৰ্বাচন কৰা হৈছে। ইয়াৰ ল’গ’টো উদীয়মান শিল্পী শান্তনু হাজৰিকাই ডিজাইন কৰিছে।

অসমৰ যুৱ এথলেটসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে এটি মঞ্চ প্ৰদান কৰা আৰু ৰাজ্যখনত খেল-ধেমালিত অধিক লোকৰ অংশগ্ৰহণ উৎসাহিত কৰাই এই পদক্ষেপৰ মূল লক্ষ্য বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, সৰুসজাই আৰু নেহৰু ষ্টেডিয়ামত ১৫০০ খেলুৱৈৰ বাবে ক্ৰীড়া হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে। আৰু এই হোষ্টেলত থকা খেলুৱৈ সকলৰ সকলো ব্যৱস্থা বিনামূলীয়া হ’ব।

ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৫ হাজাৰ খেলুৱৈক ৩ হাজাৰ টকাকৈ বৃত্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব। খেল মহাৰণৰ পৰা ৫০০ খেলুৱৈক দুবছৰৰ বাবে ৩ হাজাৰ টকাকৈ বৃত্তি দিয়া কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে।

লগতে পঢ়ক: Guwahati Bilas Inn murder case: ঘাতক ঘনকান্তক লগত লৈ সৌকুছিৰ ভাড়াঘৰত আৰক্ষী অভিযান



Source link

Leave A Reply

Your email address will not be published.