বিগত দুবছৰত অসমে ১,৬৭৯ গৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুশ্ববেক কৰিছে
বিগত দুবছৰত অসমে ১,৬৭৯ গৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক স্বদেশলৈ পুশ্ববেক কৰিছে । আজি, সোমবাৰে অসম বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
এআইইউডিএফৰ বিধায়ক বদৰুদ্দিন আজমলৰ এক প্ৰশ্নৰ উত্তৰ দি গৃহ আৰু ৰাজনৈতিক বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ৩০ জুনৰ ভিতৰত এই ব্যক্তিসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰা হৈছিল আৰু ইয়াৰ পিছতে তেওঁলোকক নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰা হয় ।
কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি পদক্ষেপ
মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদনক স্পষ্টকৈ জনায় যে ৰাজ্য চৰকাৰে নাগৰিকত্বৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু নীতি-নিৰ্দেশনা অনুসৰিহে কাৰ্যপন্থা গ্ৰহণ কৰে । ৰাজ্য চৰকাৰে কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে পোনপটীয়াকৈ কোনো লেনদেন নকৰে ।
তেওঁ কয়- “ৰাজ্য চৰকাৰে নাগৰিকত্ব সংক্ৰান্তীয় বিষয়ত আইনৰ ব্যৱস্থাৰ লগতে কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাসমূহ ৰূপায়ণ কৰে । এনে আইন আৰু নিৰ্দেশনাসমূহ ৰূপায়ণ কৰাৰ সময়ত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় যাতে কোনো ব্যক্তিৰ মানৱাধিকাৰ উলংঘা নহয় ।”
প্ৰত্যাৱৰ্তনৰ আইনী প্ৰক্ৰিয়া
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চিনাক্ত কৰা লোকসকলক প্ৰতিটো গোচৰৰ পৰিস্থিতি আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যাৰ্পণ (repatriation), বহিষ্কাৰ (deportation) আৰু খেদি পঠোৱা (expulsion) আদি বিভিন্ন আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে ।
আদালতত গোচৰ থাকিলে কাৰ্যকৰী নহয় বহিষ্কাৰ
সদনত ড° শৰ্মাই লগতে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দি কয় যে, যদিহে কোনো চিনাক্ত কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয় বা দেশৰ উচ্চতম ন্যায়ালয়ত বিবেচনাধীন বা পেণ্ডিং হৈ থাকে, তেন্তে তেনে লোকক গোচৰৰ নিষ্পত্তি নোহোৱালৈকে স্বদেশলৈ ঘূৰাই পঠোৱা নহয় ।
আনহাতে, অবৈধ অনুপ্ৰৱেশকাৰীক “খেদি পঠোৱা” (push back) ৰ বাবে অনুসৰণ কৰা প্ৰক্ৰিয়া সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ দোহাৰে যে যিহেতু নাগৰিকত্ব বিষয়টো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ এক্টিয়াৰভুক্ত, সেয়েহে অসমে বৰ্তমানৰ আইনী ব্যৱস্থা আৰু কেন্দ্ৰই সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাসমূহ নিখুঁতভাৱে পালন কৰি আহিছে । আইন বলবৎ কৰাৰ সমান্তৰালভাৱে মানৱাধিকাৰ সুৰক্ষাৰ দিশটোতো ৰাজ্য চৰকাৰে সদায় চকু ৰাখে বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক : ৰাজ্যত চাকৰিৰ বজাৰত হাহাকাৰ! স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ ভিৰ
