Voice of Eastern India

বহুবিবাহৰ পৰা ছেমিকণ্ডাক্টৰলৈ…; মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা  


৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা ফেলপথাৰত বহু বিবাহৰ পৰা ছেমিকণ্ডাক্টৰলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সমাৰোহত ভাষণ দি এক শান্তিপূৰ্ণ, স্বাৱলম্বী আৰু সুযোগ-সন্ধানী অসম গঠনৰ দৃষ্টিভংগী ডাঙি ধৰে। তেওঁ মূলতঃ বিকাশ, সামাজিক সংস্কাৰ, অৰ্থনৈতিক সৱলীকৰণ আৰু সর্বাংগীন উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসম এতিয়া কেৱল আন ৰাজ্যৰ পৰা শিকি থকা ৰাজ্য হৈ থকা নাই, বৰঞ্চ শান্তি, আন্তঃগাঁথনি, উদ্যোগ, বিনিয়োগ, সংস্কাৰ আৰু প্ৰযুক্তিৰ ভেটিত গঢ়ি উঠা নিজাববীয়া উন্নয়নৰ আৰ্হিৰে আত্মপ্ৰকাশ কৰিছে। চৰকাৰৰ মূল লক্ষ্য হ’ল এনে এক অসম গঢ়ি তোলা, য’ত যুৱ প্ৰজন্মই নিজৰ প্ৰতিভা বিকাশৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া নহয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক সুযোগৰ সন্ধানত অসমলৈ আহে।

ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এক দশক নৌহওঁতেই অসমৰ অৰ্থনীতি প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰাজ্যখনে ৰূপান্তৰকাৰী আন্তঃগাঁথনি আৰু উন্নয়নমূলক কাম-কাজত অধিক ধন বিনিয়োগ কৰাৰ সক্ষমতা লাভ কৰিছে। তেওঁ ছেমিকণ্ডাক্টৰ উৎপাদনসহ উন্নত উদ্যোগৰ বিকাশ আৰু বাইহাটা চাৰিআলি-তেজপুৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে মুখ্য যোগাযোগ প্ৰকল্পৰ কথা আঙুলিয়াই দিয়ে, যিয়ে অসমৰ আভ্যন্তৰীণ আৰু অৰুণাচল প্ৰদেশৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি তুলিছে।

বিগত মাহবোৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিধায়ক এলেকা উন্নয়ন পুঁজি বৃদ্ধি কৰা হৈছে, গুৱাহাটী বিমান বন্দৰৰ সমীপত এক নতুন চেটেলাইট চিটি গঢ়ি তোলাৰ পৰিকল্পনা আগবঢ়াই নিয়া হৈছে আৰু ২৪ ঘণ্টা সক্ৰিয় বাহনেৰে অসম আৰক্ষীৰ জৰুৰীকালীন ‘১১২’ সেৱা আধুনিকীকৰণ কৰা হৈছে।

সামাজিক ন্যায় আৰু মহিলাৰ সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে আইনী বিচ্ছেদ নোহোৱাকৈ চৰকাৰী কৰ্মচাৰীয়ে পৰিত্যাগ কৰা মহিলাসকলৰ সহায়ৰ বাবে এক বিশেষ আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰস্তাৱ অনুসৰি, যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে আইনী প্ৰক্ৰিয়া অবিহনে প্ৰথম পত্নীক ত্যাগ কৰি আন এগৰাকী মহিলাৰ সৈতে অনানুষ্ঠানিক বিবাহত আৱদ্ধ হয়, তেন্তে ভুক্তভোগী পত্নীয়ে চৰকাৰক আবেদন জনালে স্বামীৰ দৰমহাৰ ২০ শতাংশ পোনপটীয়াকৈ তেওঁৰ বেংক একাউণ্টত জমা হ’ব, যাতে তেওঁ সন্মানজনক জীৱনযাপন কৰিব পাৰে। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে ত্যাগ কৰা মহিলাসকলৰ বাবেও একেধৰণৰ আইনী সুৰক্ষা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

বাল্যবিবাহৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰথাই শিশুসকলক তেওঁলোকৰ শৈশৱ, শিক্ষা আৰু সুযোগৰ পৰা বঞ্চিত কৰে। অসমৰ কনমানি পুত্ৰ-কন্যাসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বাল্যবিবাহ বিৰোধী অভিযান অধিক দৃঢ়তাৰে চলাই নিব লাগিব।

অসমৰ ইতিহাসলৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ অৱদান স্মৰণ কৰি শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁৰ আগমনৰ লগে লগে সংহতি, সহাৱস্থান আৰু ঐক্যৰ এক ঐতিহাসিক যাত্ৰা আৰম্ভ হৈছিল, যিয়ে অসমীয়া সমাজখনক গঢ় দিছিল। ২০২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ ৮০০ বছৰ পূৰ্ণ হ’ব । এই ঐতিহাসিক ক্ষণ ৰাজ্য চৰকাৰে অভূতপূৰ্ব আয়োজনেৰে উদযাপন কৰিব। বিশ্ববাসীৰ আগতচৰকাৰে চুকাফাক তুলি ধৰাৰ চেষ্টা কৰিব । 

অসমৰ ক্ৰীড়াবিদসকলৰ সাফল্যৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনা বৰগোহাঁই আৰু বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাৰ শেহতীয়া প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে উপযুক্ত সুযোগ পালে অসমৰ তৰুণ-তৰুণীসকলে বিশ্ব মঞ্চত উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে।

চৰকাৰৰ দৃষ্টি কেৱল ভৌতিক ৰূপান্তৰতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মূল লক্ষ্য হ’ল প্ৰতিজন নাগৰিকৰ সন্মান, প্ৰতিজন যুৱক-যুৱতীৰ বাবে সুযোগ, প্ৰতিগৰাকী মহিলাৰ অৰ্থনৈতিক শক্তি, প্ৰতিটো গাঁৱৰ বাবে যোগাযোগ সুনিশ্চিত কৰা আৰু প্ৰতিটো পৰিয়াললৈ আশা কঢ়িয়াই অনা।

তেওঁ দেশপ্ৰেমৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে দেশপ্ৰেম ভাৰতীয় সভ্যতাৰ এক অবিচ্ছেদ্য অংগ আৰু ভৱিষ্যত প্ৰজন্মই এই সভ্যতামূলক বাৰ্তা আগবঢ়াই লৈ যাব।

স্বাধীনতা দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু ঐক্য সুদৃঢ় কৰাৰ দিশত নিৰন্তৰ প্ৰচেষ্টা চলাই নিবলৈ সকলোকে আহ্বান জনায়, যাতে বিকাশৰ সুফল সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ওচৰ পায়গৈ।



Source link

Leave A Reply

Your email address will not be published.