বান পৰিস্থিতিৰ উন্নতি, কিন্তু হাজাৰ হাজাৰ পৰিয়ালৰ বিপদ এতিয়াও আঁতৰা নাই
ৰাজ্যৰ ১৫ খন জিলা এতিয়াও বানৰ কবলত আছে আৰু বান সংক্ৰান্তীয় ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৯৭ স্পৰ্শ কৰিছেগৈ ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-এ বৃহস্পতিবাৰে প্ৰকাশ কৰা শেহতীয়া বুলেটিন অনুসৰি, ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ ক্ৰমান্বয়ে উন্নতি ঘটিছে। যদিও বহু ঠাইত পানী কমিবলৈ আৰম্ভ কৰিছে, এতিয়াও ১৫ খন জিলা, ৩৯ টা ৰাজহ চক্ৰ আৰু ৪৮১ খন গাঁও বানৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই।
বৰ্তমান নুমলীগড়ত ধানশিৰি (দক্ষিণ) নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অৱশ্যে স্বস্তিৰ কথা যে কোনো নদীয়েই সৰ্বোচ্চ বিপদসীমা অতিক্ৰম কৰা নাই।
বানত প্ৰভাৱিত জিলাসমূহ হৈছে- গোলাঘাট, শিৱসাগৰ, ওদালগুৰি, কামৰূপ (মহানগৰ), কামৰূপ, নগাঁও, দৰং, শোণিতপুৰ, হোজাই, লখিমপুৰ, বিশ্বনাথ, যোৰহাট, চৰাইদেউ, কাৰ্বি আংলং আৰু ধেমাজি।
প্ৰতিবেদন অনুসৰি, ৰাজ্যজুৰি এতিয়াও ১,৬৮,৭০১ জন লোক বানৰ কবলত আছে। আনহাতে ১৪,৩৮২.২৬ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে ।
সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে গোলাঘাট আৰু শিৱসাগৰ। গোলাঘাটত ৫৪,০৮৫ জন, শিৱসাগৰত ৪৯,৫১৫ জন, যোৰহাটত ২৭,৮৪২ জন আৰু চৰাইদেউত ২১,৪৮৬ জন লোক এতিয়াও বানৰ কবলত আছে।
বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ৫০ টা সাহায্য শিবিৰ আৰু ৮৩ টা সাহায্য বিতৰণ কেন্দ্ৰ মিলাই মুঠ ১৩৩ টা সাহায্য সুবিধা অব্যাহত ৰাখিছে। বৰ্তমান ১০,১১১ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে, আনহাতে ৩৫,৫৯৬ জন লোকে সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে সহায় লাভ কৰিছে।
জিলাভিত্তিক তথ্য অনুসৰি, সাহায্য শিবিৰত সৰ্বাধিক ৭,০০৫ জন আশ্ৰয় লৈছে শিৱসাগৰত। ইয়াৰ পিছতে যোৰহাটত ১,২৭০ জন, নগাঁৱত ১,০১৬ জন, গোলাঘাটত ৫৮৯ জন আৰু দৰঙত ২৩১ জন আছে।
ইয়াৰ উপৰিও বহু কৃষিভূমি, পথ আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈ আছে। প্ৰশাসনে নদীৰ পানীৰ স্তৰ নিৰন্তৰ নিৰীক্ষণ কৰাৰ লগতে ক্ষয়-ক্ষতিৰ মূল্যায়ন, সাহায্য বিতৰণ আৰু পুনৰুদ্ধাৰৰ কাম অব্যাহত ৰাখিছে।
বানৰ পানী নামিবলৈ আৰম্ভ কৰিলেও হাজাৰ হাজাৰ পৰিয়ালৰ বাবে স্বাভাৱিক জীৱনলৈ উভতি অহাৰ যাত্ৰা এতিয়াও বহু দূৰ।
লগতে পঢ়ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ; হোৰাহোৰে সোমাইছে পানী
