Voice of Eastern India

ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰ…


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ জুলাইত জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰে। এতিয়া ন ৰূপ পাব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থই।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ জুলাইত জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰে। এই ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থক এগৰাকী কিংবদন্তী শিল্পীৰ জীৱন আৰু কৃতিৰাজিৰ এক অধিক আকৰ্ষণীয় সাংস্কৃতিক থলীত পৰিণত কৰাৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ পৰিকল্পনা হাতত লৈছে।নৱৰূপ পাব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থই।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে আধুনিক প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীসকলে যাতে ড০ ভূপেন হাজৰিকাৰ অৱদানসমূহ অনুভৱ কৰিব পাৰে, তাৰ বাবে স্মাৰকক্ষেত্ৰখনক অগমেণ্টেড ৰিয়েলিটি (AR) আৰু ভাৰ্চুৱেল ৰিয়েলিটি (VR) যুক্ত ইণ্টাৰেক্টিভ বা পাৰস্পৰিক সংযোগকাৰী অভিজ্ঞতাৰে উন্নীত কৰা হ’ব।

এই পদক্ষেপৰ অংশ হিচাপে, চৰকাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি আৰু উত্তৰাধিকাৰৰ জৰিয়তে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে ডিজিটেল প্লেটফৰ্মৰো সূচনা কৰিব।সমাধিৰ মূল স্তম্ভক কিছু নতুন কৰিব বিচাৰিছোঁ। সময়ৰ লগত খাপ খাব পৰাকৈ কৰা হ’ব নিৰ্মাণ।সমন্বয় তীৰ্থত কৰা হ’ব কিছু নতুন সংযোজন। এতিয়াৰে পৰা ভূপেন হাজৰিয়াৰ সৈতে মানুহে ছেলফিও ল’ব পাৰিব। বাহিৰৰ পৰাই মানুহে বুজিব পাৰিব সুধাকণ্ঠৰ সমন্বয় তীৰ্থ বুলি

পুনৰ উন্নয়নৰ এই পৰিকল্পনাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু প্ৰদৰ্শন অনুষ্ঠিত কৰিব পৰাকৈ এটা মুকলি সাংস্কৃতিক মঞ্চ  নিৰ্মাণৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে বছৰজুৰি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এখন বিশেষ চৰকাৰী কমিটিও গঠন কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই পদক্ষেপৰ লক্ষ্য হৈছে ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু প্ৰদৰ্শন কৰাৰ লগতে শিল্পী, দৰ্শনাৰ্থী আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সজীৱ সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলা।

লগতে পঢ়ক: ১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা



Source link

Leave A Reply

Your email address will not be published.