Voice of Eastern India

জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত গৰিমা গাৰ্গ ….


জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিনক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই প্ৰতিবাদত ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গে।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে জুবিনক্ষেত্ৰত জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিছে ভগ্নী পামী বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ।কোনো যাতে অ-প্ৰীতিকৰ পৰিস্থিতি যাতে নহয় তাৰ বাবে জুবিন ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

জুবিন ক্ষেত্ৰত উপস্থিত হৈ ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে। গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন কৰে যে, মূল অভিযুক্ত অমৃতপ্ৰভা মহন্তই কেনেকৈ জামিন পালে? পানী নসৰকা চাৰ্জশ্বীটত কেনেকৈ ইমান সুৰুঙা ওলাইছে ? চাৰ্জশ্বীটৰ সুৰুঙাৰ বাবেই অমৃতপ্ৰভা মহন্তই বেইল পালে।

তেওঁ লগতে কয় যে, ১০৩ ধাৰা লাগি থকাৰ পিছতো অমৃতপ্ৰভা মহন্ত কাৰাগাৰৰ পৰা ওলাই আহিছে।অমৃতপ্ৰভা মহন্তই বহুত ভিডিঅ’ বনাইছিল। মুখ্যমন্ত্ৰী গৰাকীয়েও জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি কৈছিল। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে, শ্যামকানু মহন্তই কাৰাগাৰৰ ভিতৰত থকাৰ পিছটো প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছে। জেলৰ ভিতৰত থাকিও যদি তথ্য টেম্পাৰিং কৰিব পাৰে তেন্তে কি হ’ব ? কাইলৈ আমাৰ প্ৰাণলৈও ভাবুকি নামি আহিব।

লগতে পঢ়ক: “এক সন্মিলিত কণ্ঠ হওক”; ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচীৰ আহ্বান  



Source link

Leave A Reply

Your email address will not be published.