জামুগুৰিহাট পৰীক্ষাৰ্থী কঢ়িওৱা এখন আৰ্টিগা বাহনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
জামুগুৰিহাটৰ কুসুমটোলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ আহিছিল AS 32 A 4162 নম্বৰৰ আৰ্টিগা বাহনখন।
আৰ্টিগা বাহনখন আহি থকাৰ সময়তে এখন তীব্ৰবেগী বলেৰ বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত দুয়োখন বাহনেই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ’লAS 01GF 0464 ।
