এটা ভিজিঅ’ৰ জৰিয়তে অজ্ঞাত স্থানৰ পৰা স্পষ্টীকৰণ দিলে যোৰহাটৰ যশ আগৰৱাল ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা পূবালী দত্তই। যশ আগৰৱালে ক’ৰপৰা ধন আছিল সেই কথা গম নাপাও বুলি মন্তব্য।
অৱশেষত মুখ খুলিলে যশ আগৰৱাল ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা পূবালী দত্তই। সামাজিক মাধ্যমত এটা ভিডিঅ’যোগে অজ্ঞাত স্থানৰ পৰা স্পষ্টীকৰণ যুৱতী গৰাকীয়ে।
ভিডিঅ’টোত যুৱতীগৰাকীয়ে কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য। ভিডিঅ’টোত যুৱতীগৰাকীয়ে যশ আগৰৱালাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে আইফোন ল’বলৈ যশে কিছু ধন দিয়া বুলি মন্তব্য কৰিছে। পূবালী দত্তই কয় যে, অৰুণাচললৈ ফুৰিবলৈ যাবলৈ যশে মোক ১ লাখ টকা দিছিল। কিন্তু মই সি সেই ধন ঘৰৰ পৰা চুৰি কৰি অনা বুলি গম পোৱা নাছিলো।
৭-৮ বছৰৰ পৰা যশ আগৰৱালাৰ সৈতে মোৰ বন্ধুত্ব আছিল। ৩ মাহমানৰ পূৰ্বে যশে মোক বিয়াৰ প্ৰস্তাৱ দিছিল।কিন্তু মোৰ অতীত জীৱনৰ সমস্যাৰ বাবে কিছু সময় লাগিব বুলি কোৱাত তেওঁ ৬মাহ পাছত আমি বিয়া পাতিম বুলিও কৈছিল।
যুৱতী গৰাকীয়ে লগতে কয় যে, যশে মোক গংগা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী বুলি কৈছিল। সেই কাৰণে মই যশে মোক দিয়া ধন ক’ৰ পৰা আনিছিল সেই কথা নাজানিছিলো। যুৱতীগৰাকীয়ে কয়, ‘‘বয়ফ্ৰেণ্ডক ব্লেকমেইল কৰি মানুহে বস্তু লয় নেকি? মই ব্লেকমেইল কৰি তাৰ পৰা একো লোৱা নাই। সি নিজেই উপযাচি দিছিল। কোনোবা মানুহে গিফ্ট দিলে মই সুধিম নেকি যে এয়া চুৰ কৰি আনিছা নেকি বুলি? তেওঁ সোণৰ বস্তু চুৰ কৰি বিক্ৰী কৰিছে বুলি মই নাজানো। তেওঁক মোক ইমানখিনিলৈ কৈছিল যে মই তোমাৰ দায়িত্ব লৈছো। তুমি ভালকে থাকা, আমি ধুনীয়াকৈ এটা জীৱন আৰম্ভ কৰিম।’’
ভিডিঅ’ত যুৱতীগৰাকীয়ে উল্লেখ কৰিছে যে যশে পাৰ্টী কৰিম বুলি বিভিন্ন ঠাইলৈ লৈ গৈছিল। যশে ঘৰৰ পৰা সোণ চুৰি কৰাৰ কথা সামাজিক মাধ্যমত ভাইৰেল হোৱাত হে জানিব পাৰিছে বুলিও যুৱতীগৰাকীয়ে উল্লেখ কৰে। অৰুণাচললৈ যাবলৈ ১ লাখ টকা দিয়াৰ সময়ত যুৱতীগৰাকীয়ে যশক সুধিছিল যে সেই টকা নিজৰ হয়নে নহয়। যশে সেয়া নিজৰ পইচা বুলিয়ে কৈছিল। যুৱতীগৰাকীয়ে কয় – বয়ফ্ৰেণ্ডে পইচা দিছে ফুৰি আহিবলৈ, ফুৰি অহাত কি আছে।
লগতে পঢ়ক: গোলাঘাটৰ জ্যোস্মিতা বৰাৰ ঘটনাক লৈ দণ্ডাধীশ পযায়ৰ তদন্ত ঘোষণা
