Voice of Eastern India

মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ


বানাক্ৰান্তক সহায়ৰ মাজতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।বানাক্ৰান্তক সহায়ৰ মাজতে ৰহস্যজনকভাৱে মৃত্যু হয় বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ।চন্টক বিহুবৰ পথৰ পজাবস্তি স্কুলৰ সমীপত মটৰ চাইকেলসহ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল মানসজ্যোতি চেতিয়াক।  মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ পিছত সকলোৱে তেওঁক হত্যা কৰা হৈছে বুলি অভিযোগ কৰে। ৰাইজৰ মাজত হোৱা ৰাপ্ৰতিক্ৰিয়া আৰু অভিযোগৰ পাছত প্ৰথমে মন্ত্ৰী বিমল বৰাই এই সমগ্ৰ কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

আৰক্ষীক ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে ১৫দিনৰ ভিতৰত দণ্ডাধীশক তদন্তৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।  এই নিৰ্দেশৰ পিছতেই বিহুবৰলৈ ৰাওনা হৈছে ফৰেনচিকৰ দল। তদন্তৰ বাবে গুৱাহাটীৰ পৰা এটা বিশেষ দল বিহুবৰলৈ ৰাওনা হৈছে। দলটোত আছে IG কে জে শইকীয়া, DIG ড° ৰবিন কুমাৰ। ঘটনা সন্দৰ্ভত ১০/২৬ (u/s ১০৩(১)/৩(৫) BNS) নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে।

DGP হৰমিত সিঙেও সামাজিক মাধ্যমযোগে মানস চেতিয়াৰ ঘটনা দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি উল্লেখ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে মানসজ্যোতি চেতিয়াৰ ঘৰত উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰী চেতিয়া।

লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতি



Source link

Leave A Reply

Your email address will not be published.