Voice of Eastern India

এজাক বৰষুণ; পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰী


বৃহস্পতিবাৰে আবেলি অহা এজাক মুষলধাৰ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিল গুৱাহাটী মহানগৰী। ছয় মাইল, গণেশগুৰি, জু ৰোড, নাৰেংগী, বৰবাৰী, নুনমাটিত সৃষ্টি হ’ল ভয়ংকৰ কৃত্ৰিম বানৰ।

এফালে উজনিত বানৰ সংহাৰ, আনফালে এজাক বৰষুণৰ পিছতেই জলমগ্ন মহানগৰী। বৃহস্পতিবাৰে আবেলি অহা এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গ’ল। ছয় মাইল, গণেশগুৰি, জু ৰোড, নাৰেংগী, বৰবাৰী, নুনমাটিত সৃষ্টি হ’ল ভয়ংকৰ কৃত্ৰিম বানৰ। নাৰেংগী, ছয়মাইল সংযোগী ৰাজপথত এবুকু পৰ্যন্ত পানী।

একাঁঠু পানীৰ মাজেৰে যাতায়াত কৰিব লগীয়া হৈছে জনতা। ভিন্ন স্থানত একাঁঠু পানীৰ মাজতে বিকল হৈ পৰিছে যান-বাহন।ভয়াৱহ কৃত্ৰিম বানৰ পিছতেই মহানগৰীত অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড যান-জঁট দেখিবলৈ পোৱা গৈছে। যান-জঁটত আৱদ্ধ হৈ পৰিছে শ শ লোক।

ইমানেই নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে জলমগ্ন হৈ পৰিল যোৰাবাট। কৃত্ৰিম বানৰ ফলত উজনিমুৱা বহু বাহন যোৰাবাটতে আৱদ্ধ হৈ থাকিব লগা হয়। যাৰ ফলত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।  

লগতে পঢ়ক: ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি



Source link

Leave A Reply

Your email address will not be published.