জুবিন গাৰ্গ হত্যা গোচৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সাক্ষী সকলে আদালতত কি কৈছে সেইটো ডাঙৰ কথা। কিন্তু প্ৰাঞ্জল দাসৰ ন্যায়ালয়ে জনোৱা মতে ১৬০ গৰাকী সাক্ষীয়ে অমৃত প্ৰভাৰ নাম লোৱা নাই। সাক্ষী সকলে আমাৰ আগত এটা কয় আৰু আদালতত গৈ সকলো সলনি কৰি দিয়ে। আদালতে সদায় সাক্ষীৰ কথা শুনে। কিন্তু সাক্ষীয়ে যদি আদালতত একো নকয় তেনেহলে আৰু। গোটেই কথা খিনি লুকুৱাৰ বাবে এই সকলো ঘটনা কৰি আছে। সাক্ষী সকলে আদালতত গৈ কাৰোৰে নাম নোলোৱা হৈছে। আন্দোলনৰ নেতৃত্ব দি থকা এজন সাংস্কৃতিক ক্ষেত্ৰৰ সাক্ষীয়েটো জুবিনৰে ভুল আছিল বুলি কৈছে। মোক মহাধিবক্তাই এই কথা জনাইছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন সোধা বা এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনোৱাটো কাৰোৰে কাৰণে ভাল লক্ষণ নহয়। যদি আমি উচ্চতম ন্যায়ালয়ৰ ওপৰটো প্ৰশ্ন কৰা আৰম্ভ কৰো, তাৰ মানে এইটো বুজোৱা হয় যে আমি ন্যায় পালিকাক সন্মান নকৰো। সেই কাৰণে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয় সন্মান কৰে। যি সকলে এই ব্যৱস্থাটোৰ ওপৰত প্ৰশ্ন কৰে তেওঁলোকে ক’ৰবাত নহয় ক’ৰবাত ন্যায়ৰ প্ৰক্ৰিয়াটোক বাধা জন্মোৱাৰ বাবেও প্ৰচেষ্টা কৰে। আমি যদি উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন কৰো তাৰ মানে আমি গণতান্ত্ৰীক দেশত নাই।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, মই বিধানসভাত যেনেকৈ কৈছিলো চাৰ্জশ্বীট খনটো তেনেকৈয়ে দিছিলো। আমি দুটা কথা কোৱা নাই। যি সকলে প্ৰচাৰ কৰি আছে সেই সকলে আদালতত গৈ কিয় সাক্ষী দিয়া নাই। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰাটো ভাল লক্ষণ নহয় । আদালতে মুখ্যমন্ত্ৰীৰ কথা নুশুনে সাক্ষীৰ কথা হে শুনে।
লগতে পঢ়ক: ‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই,এনকাউণ্টাৰ হে কৰিছে’; মুখ্যমন্ত্ৰী
