ঘাতক ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু হোৱাক লৈ মুখ খুলিছে পত্নী জোনমণি গগৈয়ে।
হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মত্যু হোৱাক লৈ প্ৰথমবাৰৰ বাবে মন্তব্য কৰিছে পত্নী জোনমণি গগৈয়ে।স্বামীৰ মৃতদেহ বাসগৃহলৈ নিয়াৰ পিছত কান্দোনত ভাগি পৰিছে পত্নী জোনমণি গগৈয়ে।
জোনমণি গগৈয়ে কয় যে, মোৰ নিৰ্দোষী মানুহটোক মাৰি পেলালে। তদন্তৰ শেষত আইনে ফাঁচি দিলেও আমি মানি ল’ব পাৰিলো হয়। কিন্তু আদালতলৈ প্ৰেৰণ কৰা মানুহটোৰ লগত এনেকুৱা কিয় কৰিলে।দুপৰ নিশা উলিয়াই নি এনকাউন্টাৰ কৰিব এইটো কেনেকুৱা কথা। মোৰ মানুহটোক কথা কোৱাৰ সুযোগেই নিদিলে।
তেওঁ লগতে কয় যে, ৰাতিপুৱা ৩ টা বজাতে মাৰিছে মই গম নাপাও। তেওঁ জে’লত আছে বুলি বিন্দাছ আছো। মোক এবাৰো নজনালে, মই গম নাপালো, পিছত এনকাউণ্টাৰৰ কথা নিউজতহে গম পাইছো।মোক নজনোৱাকৈয়ে মানুহটোক এনেকুৱা কৰিলে।
আদালতে জে’ললৈ পঠিওৱা মানুহজন পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।আমি তদন্তত কোনো গাফিলতি কৰা নাছিলো। মই পিছদিনা জেললৈ গৈ কাপোৰ অলপ দিম বুলি ভাবি আছিলো। কিন্তু আৰক্ষীয়ে ঘটনাটো একপক্ষীয়ভাৱে গ্ৰহণ কৰিলে বুলিও জোনমণি গগৈয়ে মন্তব্য কৰে।
তেওঁ লগতে কয় যে, নিজে আত্মসমৰ্পণ কৰা মানুহজনক কিয় এনেকুৱা কৰিলে ?মই পলাই থকা নাই, মোৰ হাতত ফোন নাছিল।মই কিদৰে গুৱাহাটীৰ পৰা আহিলো, কোনে বুজিব। হোটেল বিলাস ইনৰ ঘটনাত তেওঁ কোনোপ্ৰকাৰে জড়িত নহয় ।এই ঘটনাৰ পিছত তেওঁলোকৰ হে প্লেনিং থকা যেন লাগিছে..।
লগতে পঢ়ক: ‘মোৰ ল’ৰা এনেকুৱা নাছিল’; হুকহুকাই কান্দি উঠিল ঘনকান্তৰ মাতৃ
