Voice of Eastern India

আলফা নেতাৰে বৈঠক মন্ত্ৰী বিমল বড়াৰ

চ্যুক্তিৰ দফা ৰূপায়ণৰ বাবে আলোচনা

 

আলফাৰ প্ৰতিনিধিৰ মন্ত্ৰী বিমল বড়াৰ বৈঠক

এবিকেকে কামৰূপ, গুৱাহাটী, ৯ জুলাই ২০২৬: কেন্দ্রীয় চৰকাৰৰ সৈতে সংযুক্ত মুক্তি বাহিনী অসম (আলফা) ৰে হোৱা বুজাবুজি চুক্তি অনুসৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই।

এই পৰ্যালোচনা সভাত সম্বলপুৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণ, অসমত এখন পৰিবেশ্য কলা বিশ্ববিদ্যালয় স্থাপন সন্দৰ্ভত কাম-কাজৰ অগ্ৰগতিৰ বুজ লওঁ।

নগাওঁ জিলাৰ কুঠৰীস্থিত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সংৰক্ষণৰ বাবে সাত বিঘা ভূমি সম্প্ৰতি নগাঁও জিলা প্ৰশাসনে অধিগ্ৰহণ কৰিছে। গোৱালপৰীয়া লোকগীতৰ প্ৰসিদ্ধ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ গৌৰীপুৰৰ বাসগৃহ হাৱামহল সংৰক্ষণৰ কাম ৯০শতাংশ অগ্ৰগতি লাভ কৰিছে।

ধুবুৰী, নগাওঁ, উত্তৰ লখিমপুৰ, কামৰূপকে ধৰি কেইবাখনো জিলাত প্ৰস্তাৱিত সাংস্কৃতিক পাঠশালা আৰু গৱেষণা কেন্দ্ৰৰ ভূমিৰ লগতে জামুগুৰিহাটত ভাওনা ঐতিহ্য কেন্দ্ৰ স্থাপনৰ বিষয়টো আলোচনা কৰা। ইতিমধ্যে চৰকাৰে ইয়াত এক বৃহৎ প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে।

সভাত আলফাৰ শ্ৰী অনুপ চেতীয়াৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, অতিৰিক্ত সচিব শ্ৰী ৰঞ্জিত স্বৰ্গীয়াৰী, যুটীয়া সচিব শ্ৰী প্ৰশান্ত বৰুৱাৰ লগতে লোক নিৰ্মাণ বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত আছিল

Leave A Reply

Your email address will not be published.