Voice of Eastern India

আটাছুৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱসত সাংবাদিক অৰ্ণৱ গোস্বামী

মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ।

 

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ আৰু আইন বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই, শিক্ষা আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, ৰিপাব্লিক টিৱি’ৰ সম্পাদক অৰ্ণৱ গোস্বামী আৰু বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়াই।

  অনুষ্ঠানত  সদৌ তাই আহোম ছাত্ৰ সন্থা (আটছু)ৰ বাৰ্ষিক স্মৃতিগ্ৰন্থ তেজে ধোৱা ইতিহাসৰ আৰু দলিল দস্তাবেজ” উন্মোচন কৰে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে।

ডামচাও অশ্বিনী চেতিয়া স্মৃতি বজ্ৰ কণ্ঠ বঁটা ৰিপাব্লিক টিৱি’ৰ সম্পাদক অৰ্ণৱ গোস্বামীক সন্মানিত কৰা হয়।

Leave A Reply

Your email address will not be published.