Voice of Eastern India

অসম সন্তান মেজৰ ভাৰ্গৱ কলিতালৈ দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা ‘শৌৰ্য চক্ৰ’


কুমাও ৰেজিমেণ্ট তথা ৫০ সংখ্যক ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কৰ্তব্যৰত মেজৰ ভাৰ্গৱ কলিতাক দেশৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছে

সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ । ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্ট তথা ৫০ সংখ্যক ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কৰ্তব্যৰত অসম সন্তান মেজৰ ভাৰ্গৱ কলিতাক দেশৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা ‘শৌৰ্য চক্ৰ’ প্ৰদান কৰা হৈছে । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত দেখুওৱা ব্যতিক্ৰমী সাহস, আদৰ্শগত নেতৃত্ব আৰু অসাধাৰণ যুদ্ধকৌশলৰ স্বীকৃতি স্বৰূপে অসম সন্তানজনক এই সন্মানীয় বঁটাৰে বিভূষিত কৰা হয় ।

কেইবাটাও সফল অভিযানৰ নেতৃত্ব :

প্ৰকাশিত এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ২০২২ চনৰ অক্টোবৰ মাহৰ পৰাই মেজৰ ভাৰ্গৱ কলিতাই উপত্যকাটোত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু সফল অভিযানৰ সক্ৰিয় নেতৃত্ব দি আহিছে । তেওঁৰ বলিষ্ঠ নেতৃত্বত এতিয়ালৈকে তিনিজন কুখ্যাত সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা হৈছে আৰু চাৰিটা কট্টৰ ‘অ’ভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ’ক আটক কৰা সম্ভৱ হৈছে । অঞ্চলটোত শান্তি আৰু সুৰক্ষা বজায় ৰখাৰ ক্ষেত্ৰত এই অসম সন্তানজনৰ অদম্য নিষ্ঠাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

২০২৪ চনৰ ২ ডিচেম্বৰৰ সেই ৰুদ্ধশ্বাস অভিযান :

২০২৪ চনৰ ২ ডিচেম্বৰত লাভ কৰা এক জৰুৰী তথা গোপন চোৰাংচোৱা তথ্যৰ ভিত্তিত মেজৰ কলিতাই এটা অতি বিপজ্জনক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক সুপৰিকল্পিত এম্বুছ ৰচনা কৰিছিল । নিজৰ অসাধাৰণ যুদ্ধকৌশল প্ৰদৰ্শন কৰি তেওঁ শত্ৰুপক্ষই গম নোপোৱাকৈ নিজৰ দলটোক মোতায়েন কৰিছিল আৰু সন্ত্ৰাসবাদীটোৰ নিৰ্ধাৰিত লক্ষ্যস্থানত প্ৰৱেশ কৰালৈ ধৈৰ্য্যৰে অপেক্ষা কৰিছিল ।

অদম্য সাহসৰ পৰিচয় :

নিচেই ওচৰৰ পৰা সেনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সন্ত্ৰাসবাদীটোৱে ধাৰাষাৰ গুলীবৰ্ষণ কৰি পলাই যাবলৈ চেষ্টা চলাইছিল । কিন্তু অলপো বিচলিত নহৈ মেজৰ কলিতাই অতি নিখুঁতভাৱে প্ৰত্যুত্তৰ দিয়ে আৰু চতুৰতাৰে শত্ৰুৰ সকলো পলায়নৰ পথ বন্ধ কৰি দিয়ে । সন্ত্ৰাসবাদীটো যাতে কোনোমতে সাৰি যাব নোৱাৰে, তাৰ বাবে তেওঁ নিজৰ দলটোক নিৰন্তৰ চকু ৰাখিবলৈ আৰু প্ৰতি আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়ে ।

সন্মুখ সমৰত ধৰাশায়ী ‘A++’ শ্ৰেণীৰ সন্ত্ৰাসবাদী :

চৰম বিপদৰ মাজতো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মেজৰ কলিতাই আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৰ দিশে বগাই গৈছিল । প্ৰৱল মনোবল প্ৰদৰ্শন কৰি তেওঁ সন্ত্ৰাসবাদীটোৰৰ ওপৰত জঁপিয়াই পৰে আৰু চকুৰ পচাৰতে হোৱা তীব্ৰ সন্মুখ সমৰত তাক থিতাতে নিহত কৰে ।

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, নিহত সন্ত্ৰাসবাদীটো আছিল এটা মোষ্ট ৱান্টেড ‘A++’ শ্ৰেণীৰ সন্ত্ৰাসবাদী, যি সাতজন নিৰীহ নাগৰিকৰ নৃশংস হত্যা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত চলোৱা কেইবাটাও ভয়াৱহ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল ।

লগতে পঢ়ক : গুৱাহাটীত ৰাজ্যৰ অমৰ শ্বহীদসকলক ৰাজ্যপালৰ গভীৰ শ্ৰদ্ধাঞ্জলি





Source link

Leave A Reply

Your email address will not be published.