Voice of Eastern India

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ কামৰূপ জিলাৰ উদ্যোগত সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি ২০২৬

ভাৰতৰত্ন ড° ভূপেন হাজৰিকালৈ গীত মাত কবিতাৰে স্মৰণ গুৱাহাটীত

 

Bharat Ratna Dr Bhupen Hazarika remembered by Asom Abritti aru Sanskriti Parishad Kamrupa Mohanagar Jila

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি ২০২৬ সফলতাৰে সম্পন্ন

ABKK Kamarupa, গুৱাহাটী, ৬ চেপ্তেম্বৰ ২০২৬ :
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ কামৰূপ মহানগৰ জিলাৰ সভাপতি মৃগেন্দ্ৰ ভাগৱতীৰ সভাপতিত্বত তথা সাধাৰণ সম্পাদক অখিল দাসে আঁতধৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীতে মাতে কবিতাৰে সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৬ চেপ্তেম্বৰৰ বিয়লি বেলাত নান্দনিকৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় বুলি জানিব পৰা গৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজকৰ্মী জ্যোতিষ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে আৰু বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ অৱসৰী আৰক্ষী বিষয়া তথা বিশিষ্ট কবি-সাহিত্যিক ড০ নন্দ সিং বৰকলা, পৰিষদৰ উপদেষ্টা ডাঃ তাৰা প্ৰসাদ দাস, উপ-সভাপতি উমেশ চন্দ্ৰ শৰ্মা, হিমাংশু দাস ইত্যাদিয়ে উপস্থিত থাকে।


অনুষ্ঠানত কবিতা আবৃত্তি কৰে ক্ৰমে ভৱেশ চন্দ্ৰ দত্ত,দীপিকা খাউণ্ড, সীমাৰাণী ভূঞা, মৃণালী ভৰালী, বিভা দেৱ চৌধুৰী, বিনীতা গোস্বামী, দীপিকা কলিতা, জোনালী ভট্টাচাৰ্য, দেৱাহুতি শৰ্মা, অন্নদা বড়ো ৰংপী, নয়নজ্যোতি শৰ্মা, হিতেশ দাস, সূৰ্যবৃত ডেকা আৰু বহু ন-পূৰণি লেখক-লেখিকাই।


উক্ত অনুষ্ঠানতে গীত পৰিৱেশন কৰে ক্ৰমে প্ৰসন্ন কুমাৰ নাথ, কাবেৰী দাস টেৰন আৰু সবিতা ঠাকুৰীয়াই।

Leave A Reply

Your email address will not be published.