Voice of Eastern India

অসমত অবৈধ কাঠ মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান


বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সমগ্ৰ ৰাজ্যজুৰি এই অবৈধ কাঠ মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এক্সন মুডত ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা । সমগ্ৰ অসম জুৰি চলি থকা অবৈধ কাঠ কলসমূহৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সমগ্ৰ ৰাজ্যজুৰি এই অবৈধ কাঠ মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে । এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে ৰাজ্যৰ চুকে-কোণে থকা সকলো অবৈধ কাঠ কল চিনাক্ত কৰা, জব্দ কৰা আৰু সেইবোৰ চিৰদিনৰ বাবে বন্ধ কৰি দিয়া । ইয়াৰ লগতে কৰ্তব্যত গাফিলতি কৰা বন বিষয়াসকলকো মন্ত্ৰীগৰাকীয়ে তীব্ৰ সকীয়নি প্ৰদান কৰে ।

এক্সন মুডত বন বিভাগ

এটা ফেচবুক লাইভৰ জৰিয়তে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া নিৰ্দেশত এই অভিযান আৰম্ভ কৰা হৈছে । অসমৰ বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ চৰকাৰ দায়বদ্ধ আৰু তাৰে অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে ।

বন বিভাগে ইতিমধ্যে সকলো সংমণ্ডল বন বিষয়া, ৰেঞ্জ অফিচাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নিজ নিজ এলেকাত সঘন অভিযান চলাবলৈ নিৰ্দেশ দিছে । বিশেষকৈ দূৰৱৰ্তী অঞ্চলসমূহত স্থাপন কৰা অবৈধ কৰাত কলসমূহ, য’ত অবৈধভাৱে কটা গছৰ কুণ্ডা প্ৰক্ৰিয়াকৰণ কৰা হয়, সেইবোৰ অতি শীঘ্ৰে ছীল কৰিবলৈ আৰু কাঠসমূহ বাজেয়াপ্ত কৰিবলৈ কোৱা হৈছে ।

কঠোৰ জবাবদিহিতা আৰু জিঅ’-টেগড প্ৰতিবেদন

কেৱল মুখেৰে নিৰ্দেশ দিয়াই নহয়, এই অভিযানৰ স্বচ্ছতা বজায় ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক দৈনিক ৰিপৰ্টৰ সৈতে জিঅ’-টেগড ফটো দাখিল কৰিবলৈ কোৱা বুলি জানিবলৈ দিয়ে ।

মন্ত্ৰী বৰুৱাই স্পষ্ট কৰি দিয়ে যে যিজন ৰেঞ্জ অফিচাৰ বা ডিএফঅ’ৰ এলেকাত ইয়াৰ পিছতো অবৈধ কাঠ কল চলি থকা দেখা যাব, তাৰ বাবে তেওঁলোকক ব্যক্তিগতভাৱে দায়ী কৰা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে তৎকালীনভাৱে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

বৈধ কাঠ কলৰো হ’ব তন্ন তন্ন পৰীক্ষা

কেৱল অবৈধ কলেই নহয়, অনুজ্ঞাপত্ৰ থকা কাঠ কলসমূহৰ ওপৰতো বন বিভাগে কঠোৰ নজৰ ৰাখিব । অনুজ্ঞাপত্ৰৰ চৰ্তসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই, কল সমূহত থকা কাঠৰ মজুতৰ বিপৰীতে বৈধ ট্ৰেনজিট পাছ, জিএছটি ইনভইচ, ই-ৱে বিল আদি আইনী নথি-পত্ৰ আছেনে নাই, সেই সকলোবোৰ পৰীক্ষা কৰা হ’ব । লগতে কোনো অননুমোদিত যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে নেকি, তাৰো তদন্ত কৰা হ’ব ।

অন্ধকাৰ ব্যৱসায়ৰ বিৰুদ্ধে ৰাইজৰ সহায় বিচাৰি হেল্পলাইন নম্বৰ

গোৱালপাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বাঘবৰৰ দৰে দূৰৱৰ্তী এলেকাসমূহলৈ দীৰ্ঘদিন ধৰি চলি অহা সংগঠিত কাঠৰ চোৰাং ব্যৱসায়ক লৈ মন্ত্ৰীগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই বনাঞ্চল ধ্বংসলীলা ৰোধ কৰিবলৈ তেওঁ সৰ্বসাধাৰণ ৰাইজৰ সহায় আৰু অংশগ্ৰহণ কামনা কৰিছে ।

ৰাইজৰ সুবিধাৰ্থে বন বিভাগে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে: 94352-04444 ।

ৰাইজলৈ আহ্বান-

ৰাইজলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়- আপোনাৰ এলেকাত যদি কোনো অবৈধ কৰাত কল চলি আছে অথবা বন বিভাগৰ কোনো বিষয়াৰ সৈতে চোৰাং চিকাৰী বা অপাৰেটৰৰ মিতিৰালি আছে, তেন্তে আপুনি ওপৰৰ হেল্পলাইন নম্বৰটোত ফটো বা প্ৰমাণসহ তথ্য প্ৰেৰণ কৰিব পাৰে । তথ্য প্ৰদানকাৰীৰ পৰিচয় গোপন ৰখা হ’ব ।

মন্ত্ৰীগৰাকীয়ে শেষত জানিবলৈ দিয়ে যে এতিয়াৰে পৰা কেৱল কাঠ কলেই নহয়, সমগ্ৰ কাঠ যোগান শৃংখলটোৰ ওপৰত নিৰীক্ষণ কৰা হ’ব । বৈধ নথি-পত্ৰ নোহোৱাকৈ কাঠ ব্যৱহাৰ কৰা যিকোনো বাণিজ্যিক প্ৰতিষ্ঠান বা ব্যক্তিৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিয়ে তেওঁ ।

লগতে পঢ়ক : প্ৰকৃতিৰ চমৎকাৰ!পশ্চিম কাৰ্বি আংলঙত প্ৰত্যক্ষ হ’ল বিপন্ন প্ৰজাতিৰ ঘৰিয়াল



Source link

Leave A Reply

Your email address will not be published.