Voice of Eastern India

ৰাজ্যৰ বানপীড়িতৰ কাষত নীতা আম্বানী!মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ২১ কোটি টকা


ৰাজ্যৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়ালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে।

ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে ৰিলায়েন্স ফাউণ্ডেশ্যনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২১ কোটি টকা আগবঢ়াইছে।

এয়া প্ৰথমবাৰৰ বাবে নহয়। ক’ভিড-১৯ মহামাৰীৰ কঠিন সময়তো অসমবাসীৰ কাষত থিয় দিছিল নীতা আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনে। সেই সহায়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, অসমবাসীয়ে সেই অৱদান আজিও কৃতজ্ঞতাৰে স্মৰণ কৰে।

আনহাতে, কেৱল আৰ্থিক সহায়তেই সীমাবদ্ধ নাথাকি ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলসমূহে বানপীড়িত অঞ্চলত মাটিত নামি কাম কৰি আছে। খাদ্য বিতৰণ, জনস্বাস্থ্য সেৱা, জৰুৰীকালীন আশ্ৰয় আৰু পশুধনৰ যত্নকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সেৱা অব্যাহত ৰাখিছে তেওঁলোকে।

এই সহমৰ্মিতা, দায়বদ্ধতা আৰু মানৱীয় পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে নীতা আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

লগতে পঢ়ক: বানাক্ৰান্তলৈ সকাহ! বিদ্যুৎ বিল মাফৰ পৰা খাজানা ৰেহালৈ মুখ্যমন্ত্ৰীৰ একাধিক ঘোষণা



Source link

Leave A Reply

Your email address will not be published.