Voice of Eastern India

‘মেঘালয়ৰ অতপালি সহ্য কৰা নহ’ব’; শৃংখল চলিহাৰ হুংকাৰ


মেঘালয়ত অসমৰ বাহন সমূহৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে বৃহস্পতিবাৰে যোৰাবাটত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। মেঘালয়ক হুংকাৰ শৃংখল চলিহাৰ।

এতিয়াও যোৰাবাটত অব্যাহত আছে উত্তেজনা।দিনৰ ভাগত মেঘালয়ৰ পৰা অহা বাহন সমূহ যোৰাবাটৰ পৰা উভতাই পঠিওৱা হয়। তাৰ মাজতে আবেলি পুনৰ মেঘালয়ত অসমৰ এখন বাহনৰ ওপৰত আক্রমণ চলোৱা হয়। বৰ্ণিহাটত সংঘটিত হৈছে এই ঘটনাটো। চেৰাপুঞ্জিৰ পৰা অহা এটা পৰ্যটকৰ দলৰ বাহনত আক্রমণ কৰা হৈছে।

বৃহস্পতিবাৰে অসমৰ কেব চালক সকলৰ সমৰ্থন খানাপাৰাত শৃংখল চলিহা উপস্থিত হৈ KSUৰ আক্ৰমণক লৈ হুংকাৰ দিছে। শৃংখল চলিহাই হুংকাৰ দি কয় যে, ‘মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ’ব।অসমৰ ড্ৰাইভাৰৰ বাবে মেঘালয়ে খায় আছে। আমি অসমীয়া হয়, কিন্তু উদ্ভণ্ডালি সহ্য কৰি থকা অসমীয়া নহয়।মেঘালয় কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। কাৰণ আক্ৰমণ হ’লেই প্ৰত্যাক্ৰমণ হ’বই।    মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ’ব।মেঘালয়ৰ লোকে ক’লা কাপোৰ মাৰি অত্যাচাৰ কৰিব, আমি সহ্য নকৰো।  

লগতে পঢ়ক: বান বিধ্বস্ত শিৱসাগৰত WWE তাৰকা দ্য গ্ৰেট খালী



Source link

Leave A Reply

Your email address will not be published.