ভৰা ব্ৰহ্মপুত্ৰত পৰিলক্ষিত হোৱা এক আচৰিত দৃশ্যই এতিয়া যথেষ্ঠ চৰ্চা লাভ কৰিছে-
ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গ’ল এক আচৰিত দৃশ্য! বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পাহাৰপুৰত মহাবাহুৰ বুকুত এই আচৰিত দৃশ্য দেখা গ’ল। ২৪ আগষ্ট সোমবাৰে পানীত ঘূৰ্ণীবতাহৰ দৰে এক বিৰল বতৰৰ পৰিঘটনা দৃশ্যমান হয়। নদীৰ বুকুৰ পৰা পানীৰ এটা ঘূৰ্ণীয়মান স্তম্ভ ওপৰলৈ উঠি অহা দেখা যায়। আশ্চৰ্যজনক এই পৰিঘটনা কেমেৰাত বন্দী হোৱাৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে এই দৃশ্যটোৱে সামাজিক মাধ্যমত যথেষ্ঠ চৰ্চা লাভ কৰিছে (Brahmaputra waterspout)।
চেঙাৰ পাহাৰপুৰ অঞ্চলৰ স্থানীয় লোকে এই আশ্বৰ্যজনক দৃশ্য প্ৰত্যক্ষ কৰে। এই পৰিঘটনাক লৈ স্থানীয় লোকসকলৰ মাজত কৌতূহলৰ সৃষ্টি হয়। কোনো কোনোৱে এই পৰিঘটনাক আহিব লগা প্ৰাকৃতিক দুৰ্যোগৰ সাম্ভাব্য সংকেত বুলিও মন্তব্য কৰে (Barpeta weather phenomenon)।
অৱশ্যে এতিয়াও এই পৰিঘটনাৰ কাৰণৰ কোনো বৈজ্ঞানিক পৰ্যালোচনা বিশেষজ্ঞই আগবঢ়োৱা নাই। এয়া কোনো ঘূৰ্ণীবতাহ নে কোনো বায়ুমণ্ডলীয় পৰিঘটনা সেই সম্পৰ্কে কোনো ব্যাখ্যা আগবঢ়োৱা নাই বিশেষজ্ঞই।
ইফালে নদীৰ বুকুত দেখা দিয়া এই দৃশ্যক লৈ সামাজিক মাধ্যমত যথেষ্ঠ প্ৰচাৰিত হোৱাৰ লগতে চৰ্চা চলাও পৰিলক্ষিত হৈছে।
লগতে পঢ়ক: মহানগৰীত প্ৰচণ্ড বৰষুণ, জুবিন ক্ষেত্ৰৰ সন্মুখতো কৃত্ৰিম বান
