Voice of Eastern India

এতিয়াও আঁতৰা নাই দুৰ্যোগৰ ডাৱৰ, হাজাৰ হাজাৰ বন্যাৰ্তৰ হাহাকাৰ


ৰাজ্যত বানৰ প্ৰকোপ কমিল যদিও অন্ত পৰা নাই বানাক্ৰান্তৰ দুদৰ্শাৰ । আশ্ৰয় শিবিৰত হাজাৰ হাজাৰ বানাক্ৰান্তৰ হাহাকাৰ ।

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও সংকট এতিয়াও শেষ হোৱা নাই। অসমৰ কেইবাখনো জিলাত হাজাৰ হাজাৰ বন্যাৰ্ত এতিয়াও কঠিন পৰিস্থিতিৰ সৈতে যুঁজি আছে।

অসম ৰাজ্যিক দুৰ্যোগ ৰিপোৰ্টিং আৰু ইনফৰ্মেশ্যন মেনেজমেন্ট চিষ্টেম (DRIMS)-ৰ শেহতীয়া বান বুলেটিন অনুসৰি, ৰাজ্যত বানত প্ৰভাৱিত লোকৰ সংখ্যা হ্ৰাস পাই ,২৮,০৭১ জনলৈ নামিছে। লগতে চলিত বৰ্ষৰ বানত মৃত্যুৰ সংখ্যা ৮৭ জন ।

বৰ্তমান চৰাইদেউ, শিৱসাগৰ, ধেমাজি, গোলাঘাট, বিশ্বনাথ, যোৰহাট আৰু লখিমপুৰ– এই ৭ খন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৩৮০খন গাঁও এতিয়াও বানৰ কবলত আছে।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ, য’ত ৫৫,২০০ জন লোক প্ৰভাৱিত। ইয়াৰ পিছতে আছে চৰাইদেউ (৩৪,০৫০), যোৰহাট (২০,২০৯), গোলাঘাট (১০,২০১) আৰু ধেমাজি (৮,৩৩৩)।

কেৱল মানুহেই নহয়, ৰাজ্যৰ কৃষিখণ্ডও এতিয়া গভীৰভাৱে ক্ষতিগ্ৰস্ত। ৰাজ্যজুৰি ১৪,২৩০.১৫ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত আছে। চৰাইদেউত আটাইতকৈ অধিক কৃষিভূমি প্লাবিত হৈছে।

ইফালে বানপীড়িত লোকসকলৰ বাবে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম অব্যাহত আছে। বৰ্তমান ৫৫টা সাহায্য শিবিৰ আৰু ১৭টা সাহায্য বিতৰণ কেন্দ্ৰ চলি আছে, য’ত ১১,০৬৬ জন লোকে আশ্ৰয় লৈ আছে।

সাহায্য শিবিৰত থকা লোকসকলৰ ভিতৰত ,৮৩৫ জন পুৰুষ, ,৭৩৮ গৰাকী মহিলা, ,৪৬২টি শিশু, লগতে ২৪ গৰাকী গৰ্ভৱতী বা স্তনপান কৰোৱা মাতৃ আৰু ৭ জন দিব্যাংগ ব্যক্তি আছে। শিৱসাগৰৰ শিবিৰসমূহত আটাইতকৈ বেছি লোক আশ্ৰয় লৈ আছে।

আনহাতে, গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি (দক্ষিণ) নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। অৱশ্যে বৰ্তমান ৰাজ্যৰ কোনো নদী সৰ্বোচ্চ বানসীমাৰ ওপৰেৰে বৈ থকা নাই।

জিলা প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত সাহায্য, পুনৰ সংস্থাপন আৰু ক্ষয়-ক্ষতিৰ মূল্যায়নৰ কাম অব্যাহত ৰাখিছে। পৰিস্থিতি আগতকৈ যথেষ্ট উন্নত হ’লেও সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ এতিয়াও কিছু সময় লাগিব।

লগতে পঢ়ক : ৪ জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ



Source link

Leave A Reply

Your email address will not be published.