Voice of Eastern India

NHPC Big dam and its Risk-uncertain

সোৱণশিৰি নদী বান্ধৰ পৰা সাৱধান

 

গেৰুকামুখ জলবিদ্যুত প্ৰকল্প সঁচাকৈ আমাৰ ৰাইজে প্ৰতিৰোধ কৰিছেনে?

ABKK Kamarupa, 4th August 2026, Gogamukh, Dhemaji: বৃহৎ নদীবান্ধৰ বিৰুদ্ধে একেৰাহে লাগি থকা নেতা গৰাকী কিজানি অখিল গগৈয়েই হব।অহুকাণে পহুকাণে শুনিছোঁ তদানীন্তন লখিমপুৰ সমষ্টিৰ অগপ সাংসদ অৰুণ শৰ্মাকে আদি কৰি কংগ্ৰেছ সাংসদ ৰাণী নৰহ আৰু বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱালৈকে সকলোৱেই NHPC ৰ পৰা শকত পৰিমাণে কমিছন লাভ কৰিছে বুলি শুনা গৈছে।তাৰোপৰি অগপ,কংগ্ৰেছ আৰু বিজেপিৰ বহু ভৱ্য গব্য নেতা বিধায়ক মন্ত্ৰী তথা আছু টিএমপিকেৰ মূধাফুটা নেতাও NHPC ৰ কৃপাধন্য হৈ ধনৰ টোপোলাৰ ভাগ পাইছে বুলি শুনা গৈছে।শুনা কথাহে দেই।আমাৰ ওচৰত তথ্যগত প্ৰমাণ নাই কাৰণে কাকো আঙুলি টোঁওৱা নাই।কিন্তু শুনা কথাকেই সত্য প্ৰতিপন্ন কৰিবলৈ গৈ তদানীন্তন কংগ্ৰেছ এমেলে তথা বৰ্তমান বিজেপি চৰকাৰৰ দায়িত্বশীল জল সম্পদ মন্ত্ৰী সুশান্ত বৰগোঁহায়ে শিৱসাগৰৰ কোনোবা এটা জেগাত বানপানী পৰিদৰ্শন কৰা অৱস্থাত অখিল গগৈয়কো সাঙুৰি NHPC ৰ পৰা ২ কোটি টকা লোৱা বুলি ধেমালিৰ ছলেৰে হলেও অভিযোগ তুলিছে।সুশান্ত বৰগোঁহাইৰ মুখে মুখ পিছলি যোৱা কথাষাৰে প্ৰতিপন্ন কৰে যে NHPC ত মুধাফুটা বিয়াগোম নেতা কৰ্মীৰ সতে কমিছন আকাৰে ধনৰ লেনাদেনা কিজানি চলে!এতিয়া কাকনো বুলিবা ককা,আটাইৰে দাড়ি চুলি পকা।NHPC য়ে নামনি সোৱনশিৰি জলবিদ্যুত নিৰ্মাণৰ ক্ষেত্ৰত নেতা মন্ত্ৰীক কমিছন দিয়াতো বাদেই,ধেমাজি,লখিমপুৰ,মাজুলি,
জিলাকে আদি কৰি বিশেষকৈ আশে পাশে থকা বৃহত্তৰ গোগামুখ বৰদলনি অঞ্চলৰ স্কুল- কলেজ,নামঘৰ তথা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত গৃহ নিৰ্মাণ,পানী যোগান,ৰাজহুৱা শৌচাগাৰ,জিৰণিঘৰ,মঞ্চ আদি নিৰ্মাণ কৰি দি জনহিতকৰ কাম কৰি আহিছে NHPCয়ে।NHPC ৰ অফিচ ৰেকৰ্ড বুকত তেনে অগনন সামাজিক গোট তথা অনুষ্ঠানৰ নাম তালিকাভুক্ত কৰা আছে।মুঠতে ২০০০ মেগাৱাটযুক্ত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ স্বাৰ্থত অসমৰ সকলো বিয়োগোম নেতা মন্ত্ৰীৰ মুখত ঠুচি ঠুচি খমখমীয়া নোটৰ বাণ্ডিল ভৰাইহে কাম নিৰ্বিঘ্নে আগবঢ়াইছে;লগতে সাধাৰণ ৰাইজক নামঘৰ,স্কুলঘৰ, কলেজ-হাইস্কুল আদিত কল্যাণমুলক কাম কৰি দি হাত ভৰি বান্ধি মুখ বন্ধ কৰি থৈছে।এয়া আমি স্বচক্ষে দেখা আৰু জনা কথা।

আচলতে কোনো ৰাজনৈতিক নেতা,ছাত্ৰ সংগঠন,সমাজকৰ্মী অথবা জনসাধাৰণে NHPC কৰ্তৃপক্ষৰ পৰা উপঢৌকন তথা সাহাৰ্য গ্ৰহন কৰিব নালাগিছিল;তাৰ পৰিৱৰ্তে সৰ্বাত্মক প্ৰতিৰোধী আন্দোলন অব্যাহত ৰাখিব লাগিছিল প্ৰকল্পৰ কাম বন্ধ নকৰা পৰ্য্যন্ত।তেতিয়া হয়তু নিৰ্মাণকাৰী কম্পেনীটো সিমান দূৰ আগবাঢ়িবলৈ সাহস নকৰিলেহেঁতেন!কিন্তু এতিয়া দেৰিয়েই হল।ইতিমধ্যেই টাৰ্বাইন ঘূৰিল,বিদ্যুত উৎপাদনৰ কাম পূৰ্ণগতিত আৰম্ভ হল।

এবাৰ আমি NHPC ৰ জেনেৰেল মেনেজাৰ এজনৰ লগত তেওঁৰ অফিচতে বৃহৎ নদীবান্ধে কৰিব পৰা ক্ষয়ক্ষতিৰ কথা বুজ লওঁতে নদীবান্ধৰ পৰা কোনো ভয় শংকাৰ থল নাই বুলি পাকে প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিল।আমি পতিয়ন নোযোৱা দেখি তেওঁ উদাহৰণ দি কৈছিল__ভূমিকম্প,ছুনামী আদি বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ সময়ে সময়ে আহি থাকে;সেইবুলি মানুহে গৃহ নিৰ্মাণ কৰিবলৈ বাদ দিছে নেকি?ডাঙৰ ডাঙৰ গগনচুম্বী অট্টালিকা নিৰ্মাণ কৰিবলৈ বাদ দিয়া নাই…it’s just a part of development and progress.তেওঁ আৰু যুক্তি দৰ্শাই উদাহৰণ দিলে যে_এক্সিডেন্ট হব বুলি ভয়ত আমি গাড়ী নচলোৱাকৈ আছোঁ নেকি?ক্ৰেছ হব পাৰে বুলি ভয়ত প্লেনত উঠা বন্ধ কৰিছো নেকি?মুঠতে Natural calamity মানুহৰ হাতত নাই।কিন্তু তথাপি আমাৰ হাতে ক্ষতি হব পৰা কাম কম্পেনীয়ে নকৰে।সিমান ক্ষণভংগুৰ fragile dam নিৰ্মাণ কৰি এনেয়ে হাজাৰ কোটি টকা খৰছ কৰি কৰিবনে?এৰা,কথাটো মিছা নহয়।লক্ষ কোটি টকা ঢালি বালিঘৰ নাসাজে।কিন্তু হলেও ভূমিকম্প আৰু ভূস্খলনৰ দৰে আহিব পৰা প্ৰাকৃতিক দুৰ্যোগ প্ৰতিহত কৰাৰ ক্ষমতা মানুহৰ হাতত নাই বাবেই জানি শুনি অৱশ্যৱাম্ভী দুৰ্ঘটনা কথা চিন্তা নকৰি চকুৰ আগত বিপদ মাতিব পৰা বিপদসংকূল আচঁনি চকু মুদি কৰিবলৈ যোৱাতোও সমৰ্থনযোগ্য নহয়।

যিকিনহওক,আচল কথালৈ অহা যাওঁক।এবাৰ ৰাজদ্বীপ সাৰদেশায়ে এংকৰ কৰা ইণ্ডিয়া টুডে কনক্লেভত অখিল গগৈয়ে বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ দেশৰ চৰকাৰ তথা NHPC কৰ্তৃপক্ষক ৰাজহুৱা ভাৱে হাতজোৰ কৰি অনুৰোধ কৰিছিল বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰিবলৈ।NHPC ক হাতজোৰ কৰি বিনম্ৰ আহ্বান জনাইছিল যে__ আপোনালোকে অসমৰ নদীসমূহত বৃহৎ নদীবান্ধ নিৰ্মাণ নকৰিব।ইকলজিকেল চাৰ্ভে তথা জিঅলজিকেল এক্সপাৰ্টৰ ৰিপৰ্ট মতে ইয়াৰ পাহাৰ আৰু নৈসমূহ বৃহৎ নদীবান্ধৰ অনুকূল নহয়!সৰু সুৰা নদীবান্ধ নিৰ্মাণত আপত্তি নাই।তেওঁ ইয়াকো কৈ সোঁৱৰাইছিল এইবুলি__”আমাৰ অসমৰ মাটি-পানী, নৈ,পাহাৰ,জংঘল আদি প্ৰকৃতিবোৰ আমাৰ হাততেই এৰি দিয়ক।আমি নিজেই চম্ভালিম,সুৰক্ষিত ৰাখিম।”এয়া আছিল অখিলৰ ভাষ্য।কথাখিনি হুবহু নহবও পাৰে কিন্তু আচল কথাখিনি এয়াই।গতিকে আমি নিশ্চিত ভাৱে ক’ব পাৰোঁ যে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ নেতাগৰাকী হল অখিল গগৈ।তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ পাছতো কিন্তু অখিলক জেইলত ভৰাই হলেও প্ৰজেক্টৰ কাম ইতিমধ্যেই আৰম্ভ কৰি দিলে।It is too late to be opposed complaint and stopped.
জলবিদ্যুতৰ কাম পূৰাদমে চালু হৈ গল।এতিয়া কৰিব লগা একো নাই।

কৰিব পৰাখিনিৰ ভিতৰত NHPC য়ে অত্যন্ত সতৰ্কতাৰে কোনো কাৰিকৰীক কেনা নলগোৱাকৈ ইাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটো চলাব লাগিব।প্ৰয়োজনীয় বান প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব।বাৰিষা মূষলধাৰ বৰষুণত ডেমৰ পৰা কোনো বিজুতি নঘটােৱাকৈ নিয়মীয়া পানী নিষ্কাশন কৰাৰ ব্যৱস্থা দিবা ৰাত্ৰি কৰিব লাগিব।তেহে জন সাধাৰণ আশ্বস্ত হব পাৰিব।তথাপি কলিজাটো হাতত লৈ আমি জীয়াই থাকিব লাগিব।ইয়াৰ বিনে গত্যন্তৰ নাই।

টেইলপিচ:-পঞ্চাশৰ ভূমিকম্পত সেই একেখন গেৰুকামুখতে পাহাৰ খহি নদীপথ বন্ধ হৈ দুসপ্তাহমান জমা হৈ থকা বন্ধ পানী ভেটা ভাঙি সোৱনশিৰিৰ নামনি অংশ ঢাহি মুহি তচ্ নচ্ কৰি নিছিল পানীয়ে।শুনামতে সোৱনশিৰি পকী দলঙৰ(তেতিয়া নিৰ্মাণ হোৱা নাছিল)ওচৰৰ এখন গাঁও নিঃচিহ্ন হৈ গৈছিল পানীৰ কোবাল সোঁতত।জন বসতি তেতিয়া সেৰেঙা আছিল আৰু কংক্ৰিটৰ ঘৰ বাৰীও নাছিল বাবে ক্ষয় ক্ষতিৰ পৰিমাণ আজিৰ তুলনাত কম হব পাৰে,কিন্তু আজিৰ প্ৰেক্ষাপটত তেনে অঘটন ঘটিলে ক্ষয় ক্ষতি কিমান বিস্তৰ হব পাৰে ইয়াক কল্পনাও কৰিব নোৱাৰি।

পৰ্য্যায়ক্ৰমে প্ৰতিটো ডেমৰ পৰা বিজুলি উৎপাদন কৰি যদি গৈছে তেন্তে ২০০০ মেগাৱাটৰ পৰা কমাই কিছুমান ডেমত পানী আৱদ্ধ নৰখাকৈ স্বাভাৱিক গতিৰে নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিনে?এয়া অৱশ্যে আভিযান্ত্ৰিক টেকনিকেল কথা।আমাৰ মগজুৱে ঢুকি নাপায়।যদিহে তেনে কম বিপদসংকূল ব্যৱস্থা কৰিব পাৰে তেন্তে NHPC ক সেইখন কৰিবলৈকে ৰাইজৰ প্ৰতিনিধি সমন্বিতে ৰাইজে দাবী জনাব পাৰে।এতিয়াও সময় আছে প্ৰকল্পৰ আন্তঃগাথঁনি শুধৰণি কৰাৰ।যদিহে টেকনিকেলী সম্ভৱ হয়।এয়াই হব ৰাইজৰ বাবে শেষ স্বস্তি।

J R Kaman report

Leave A Reply

Your email address will not be published.