Voice of Eastern India

Zubeen Garg Death Case: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ ৰাজপথলৈ নামিব আছু


Zubeen Garg Death Case: ২৯ অক্টোবৰত অসমৰ প্ৰতিখন জিলা সদৰত প্ৰতিবাদ, জুবিনৰ ন্যায়ৰ দাবীত আছুৰ বিশেষ কাৰ্যসূচী।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। অহা ২৯ অক্টোবৰত অসমৰ প্ৰতিখন জিলা সদৰত মমশিখা সমদল উলিয়াব সংগঠনটোৱে। গোচৰটোৰ অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে জামিন লাভ কৰাৰ পিছতে এই সিদ্ধান্ত লৈছে আছুৱে।

সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় নিশ্চিত কৰাৰ লগতে দুয়োগৰাকী অভিযুক্তৰ জামিন বাতিলৰ দাবী জনাব ছাত্ৰ সংগঠনটোৱে। কাৰ্যসূচী সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক পদ্ধতিৰে পালন কৰিবলৈও সংগঠনটোৱে সকলোকে আহ্বান জনাইছে (Zubeen Garg Death Case)।

আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে শুনানি আৰম্ভ হোৱাৰ পিছত ৰাজপথৰ প্ৰতিবাদ কিছু কমিছিল যদিও জুবিনৰ ন্যায়ৰ দাবী ৰাইজৰ মনৰ পৰা আঁতৰি যোৱা নাই।

তেওঁৰ ভাষ্য অনুসৰি, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে নিজেই হত্যাকাণ্ড বুলি অভিহিত কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই আহিছে অসমৰ ৰাইজে। আদালতত নিয়মীয়াকৈ শুনানি আৰম্ভ হোৱাত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ প্ৰয়োজন কিছু হ্ৰাস পাইছিল যদিও ন্যায়ৰ দাবী এতিয়াও একেই আছে (Zubeen Garg Case Amritprava Bail)।

জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পাৰ হোৱাৰ পিছতো ন্যায় নোপোৱা আৰু অভিযুক্তসকলে এটাৰ পিছত আনটোৱে জামিন লাভ কৰা ঘটনাক লৈ অসমৰ ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে।

উৎপল শৰ্মাই কয় যে বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাত থকা অভিযোগসমূহ আদালতত প্ৰমাণিত হ’লেহে অভিযুক্তসকলৰ শাস্তি নিশ্চিত হ’ব। সেয়েহে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া যাতে সঠিকভাৱে আগবাঢ়ে, তাৰ বাবে চৰকাৰৰ ওপৰত হেঁচা অব্যাহত ৰাখিব আছুৱে।

ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গাফিলতি অসমৰ ৰাইজে মানি নলয় বুলিও সকীয়াই দিয়ে তেওঁ।

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বিষয়টোও উত্থাপন কৰিছে আছুৰ সভাপতিগৰাকীয়ে। ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু SITৰ মুৰব্বীয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনাৰ কথা কোৱা বুলি উল্লেখ কৰি দুয়োগৰাকী অভিযুক্তৰ জামিন বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় উৎপল শৰ্মাই।

লগতে পঢ়ক: Zubeen Garg death case: কাৰাগাৰৰ পৰা ওলাই প্ৰথম শুনানিত সন্দীপন গাৰ্গ, আদালতত হাজিৰ অমৃতপ্ৰভাও



Source link

Leave A Reply

Your email address will not be published.