BJP Protest in Guwahati: ‘ক্ষমা খোজক খৰ্গেই’- গুৱাহাটীত হাজাৰ বিজেপি কৰ্মীৰ প্ৰতিবাদ, কংগ্ৰেছক সকীয়নি
BJP Protest in Guwahati: মোদীৰ প্ৰয়াত পিতৃক লৈ খৰ্গেৰ মন্তব্য! গুৱাহাটীত ৰাজপথলৈ ওলাই আহিল বিজেপি, দিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এক বিতৰ্কিত মন্তব্যক লৈ ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত পিতৃক লৈ কৰা বুলি অভিযোগ উঠা মন্তব্যৰ প্ৰতিবাদত দেওবাৰে দেশৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে (BJP Protest in Guwahati)।
গুৱাহাটীতো এই ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে বিজেপিৰ কৰ্মীসকল। এই ঘটনাক লৈ কংগ্ৰেছ নেতৃত্বই ক্ষমা খোজক বুলিও দাবী জনায় দলটোৱে।
২৬ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বাহিৰত মহানগৰ জিলা বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত কংগ্ৰেছ, মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে শ্লোগান দিয়ে দলীয় কৰ্মীসকলে।
ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, প্ৰতিবাদত এক হাজাৰৰো অধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস, বিধায়ক ৰূপক শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, মহিলা মৰ্চাৰ সভানেত্ৰী পূৰবী ৰয়, অনুসূচিত জাতি মৰ্চাৰ সভাপতি নৱৰুণ মেধি আৰু কিষাণ মৰ্চাৰ সভাপতি পংকজ বৰবৰুৱাকে ধৰি দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।
কংগ্ৰেছে এই বিষয়ত ক্ষমা নুখুজিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিয়ে বিজেপিয়ে।
লগতে পঢ়ক: “মোদীৰ পিতৃও জেললৈ যাব”; প্ৰধানমন্ত্ৰীৰ প্ৰয়াত পিতৃক লৈ মল্লিকাৰ্জুন খৰ্গেৰ বিতৰ্কিত মন্তব্য
