Zubeen Garg Death Case: উচ্চতম ন্যায়ালয়ত পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ
উচ্চতম ন্যায়ালয়ত পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ। ৫ অক্টোবৰত উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গ মৃত্যুৰ ঘটনাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আৱেদন নাকচ কৰে। নৱেম্বৰৰ প্ৰথম সপ্তাহত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে (Zubeen Garg Death Case)।
বৰ্তমান বাক্সা কাৰাগাৰত বন্দী হৈ আছে ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত। তেওঁৰ সৈতে গোচৰটোৰ আন পাঁচজন অভিযুক্তও কাৰাগাৰত আছে। ২০২৫ চনৰ অক্টোবৰত জুবিন গাৰ্গ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল শ্যামকানু মহন্ত।
সোমবাৰৰ শুনানিত অসম চৰকাৰে গোচৰটোৰ বিচাৰৰ অগ্ৰগতিৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। চৰকাৰে জনায় যে বৰ্তমান সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ কাম চলি আছে। ১৪ আগষ্টলৈকে মুঠ ৩৯৪জন সাক্ষীৰ ভিতৰত ৯৪জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।
চৰকাৰে লগতে জনায় যে ছিংগাপুৰত থকা কেইবাজনো গুৰুত্বপূৰ্ণ সাক্ষীৰ সাক্ষ্য এতিয়াও গ্ৰহণ কৰা হোৱা নাই। অতি শীঘ্ৰেই তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ বিচাৰ যাতে অযথা পলম নহয়, সেই বিষয়ে অসম চৰকাৰক নিৰ্দেশ দিছিল। শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ সময়তো বিচাৰৰ অগ্ৰগতিৰ বিষয়টো বিবেচনা কৰা হৈছে।
লগতে পঢ়ক: Guwahati News: গুৱাহাটীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ পাকিস্তানী চোৰাংচোৱা!
