Voice of Eastern India

Sivasagar News: শিৱসাগৰৰ পুৰণি দিখৌ দলঙৰ খুঁটাৰ ওপৰত মহিলাৰ নৃত্য, প্ৰত্যক্ষ কৰি হতবাক ৰাইজ


শিৱসাগৰৰ পুৰণি দিখৌ দলঙত নিশা সংঘটিত এক অস্বাভাৱিক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দলংখনৰ এটা খুঁটাৰ একেবাৰে ওপৰলৈ উঠি এগৰাকী মহিলাই অস্বাভাৱিক আচৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Sivasagar News)।

জানিব পৰা মতে, নিশাৰ ভাগত মহিলাগৰাকীয়ে পুৰণি দিখৌ দলঙৰ এটা খুঁটাৰ ওপৰলৈ উঠি নৃত্য কৰিবলৈ ধৰে। মহিলাগৰাকীৰ এনে কাৰ্য প্ৰত্যক্ষ কৰি স্থানীয় লোক আৰু দলঙেৰে অহা-যোৱা কৰা পথচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। পৰিস্থিতিয়ে কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ ৰূপ লয়।

খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত শিৱসাগৰ আৰক্ষী আৰু SDRFৰ এটা দল উপস্থিত হয়। পাছত আৰক্ষী আৰু SDRFৰ দলে অভিযান চলাই মহিলাগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Sivasagar Old Dikhow Bridge Incident)।

সম্প্ৰতি মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কি কাৰণত মহিলাগৰাকীয়ে নিশাৰ ভাগত এনেদৰে দলঙৰ খুঁটাৰ ওপৰলৈ উঠিছিল, সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Barpeta Boat Accident: ব্ৰহ্মপুত্ৰত নাও চলাচলক লৈ আহি গ’ল কঠোৰ নিষেধাজ্ঞা



Source link

Leave A Reply

Your email address will not be published.