Voice of Eastern India

Assam cancer medicine price: কেন্সাৰ ৰোগীসকলৰ বাবে সকাহৰ খবৰ…


Assam cancer medicine price: কেন্সাৰৰ ঔষধৰ দামত বৃহৎ ৰেহাই, অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা।

অসমৰ কৰ্কট ৰোগীসকলৰ বাবে সকাহৰ খবৰ। ৰাজ্যৰ ঔষধ নিয়ন্ত্ৰণ প্ৰশাসনে সোমবাৰে (২ নৱেম্বৰ) ৰাজ্যৰ সকলো ফাৰ্মাচী, ঔষধ বিতৰক, মজুতকাৰী আৰু চিকিৎসালয়ক ১৩৭বিধ নন-ছিডিউলড কৰ্কট ৰোগৰ ঔষধ নতুন আৰু হ্ৰাস কৰা সৰ্বোচ্চ খুচুৰা মূল্যত (MRP) বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।

নতুন মূল্য নিৰ্ধাৰণৰ নিয়ম সঠিকভাৱে পালন কৰা হৈছে নে নাই, সেয়া নিশ্চিত কৰিবলৈ ৰাজ্যজুৰি ৯০ দিনীয়া পৰিদৰ্শন অভিযান চলোৱাৰ কথাও ঘোষণা কৰিছে প্ৰশাসনে (Assam cancer medicine price)।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (NPPA) ১৭ অক্টোবৰত জাৰি কৰা গেজেট অধিসূচনাৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অধিসূচনা অনুসৰি, নিৰ্দিষ্ট কৰ্কট ৰোগৰ ঔষধসমূহৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ৩০ শতাংশতকৈ অধিক বাণিজ্যিক মুনাফা ল’ব নোৱাৰিব। জনস্বাৰ্থত মূল্য নিয়ন্ত্ৰণৰ ক্ষমতা ব্যৱহাৰ কৰি ২০১৩ চনৰ ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশৰ ১৯ নং অনুচ্ছেদৰ অধীনত এই সিদ্ধান্ত লোৱা হৈছে (Cancer medicine price reduction)।

এই মূল্য নিয়ন্ত্ৰণ একক ঔষধ হিচাপে বিক্ৰী কৰা বা আন ঔষধৰ সৈতে মিহলি কৰি প্ৰস্তুত কৰা সকলো তালিকাভুক্ত নন-ছিডিউলড ঔষধৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। পেটেণ্টযুক্ত ঔষধো ইয়াৰ আওতাত থাকিব।

প্ৰশাসনে সকলো ফাৰ্মাচী, চিকিৎসালয়ৰ ঔষধ বিপণী, মজুতকাৰী আৰু বিতৰকক ৯ নৱেম্বৰৰ পৰা নতুন মূল্য কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। লগতে, প্ৰতিষ্ঠানসমূহত সংশোধিত মূল্যৰ তালিকা স্পষ্টকৈ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছে।

নতুন মূল্যতকৈ অধিক দামত ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ২০১৩ চনৰ ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশ আৰু ১৯৫৫ চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সকীয়াই দিছে।

লগতে পঢ়ক: ‘কেতিয়াবা কিছুমান সপোন বাস্তৱ হয়’; বুলেট ট্ৰেইনক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট



Source link

Leave A Reply

Your email address will not be published.