Voice of Eastern India

Paralympic Sports Assam অসমত উত্তৰ-পূবৰ পেৰা ক্ৰীড়াৰ মহাৰণ!


Paralympic Sports Assam: আজিৰে পৰা আৰম্ভ হৈছে উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ ২০২৬। এই ক্ৰীড়া মহাৰণত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ লগতে নেপাল আৰু ভূটানৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে।

আজিৰে পৰা গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হ’ল তৃতীয় উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ-২০২৬ । এই উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ-২০২৬ পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্বাৱধানত তথা পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সহযোগত ‘উদয়াচল’-এ আয়োজন কৰিছে(Paralympic Sports Assam) ।  সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান হোৱাৰ লগতে এথলেটিকছ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।ছয়টা শাখাত অনুষ্ঠিত হ’ব পেৰা ক্ৰীড়া প্ৰতিযোগিতা(Paralympic Sports Assam)।

আনহাতে, আজিৰ পৰাই বেডমিণ্টন আৰু টেবুল টেনিছো অনুষ্ঠিত হ’ব। তদুপৰি সাঁতোৰ, দবা ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাত অসমসহ উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ লগতে ভাৰতৰ দুই চুবুৰীয়া দেশ নেপাল আৰু ভূটানৰ পেৰা এথলীটেও অংশগ্ৰহণ কৰিছে(Paralympic Sports Assam)। ইতিমধ্যে খেলুৱৈসকল আহি মহানগৰীত উপস্থিত হৈছে। প্ৰায় ৭০০ পেৰা খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ খেল সৰুসজাই ষ্টেডিয়ামৰ লগতে পাণ্ডুৰ উদয়াচল আৰু বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলত অনুষ্ঠিত হ’ব(Paralympic Sports Assam)।

ইফালে, প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী অসমৰ এথলেটিকছৰ দলটো ঘোষণা কৰাৰ পাছত বেডমিণ্টন আৰু টেবুল টেনিছৰ দল দুটাও ঘোষণা কৰা হৈছে। বেডমিণ্টনৰ এঘাৰজনীয়া দলটোত স্থান লাভ কৰা খেলুৱৈসকল হ’ল ; ৰঞ্জিত কুমাৰ মিশ্ৰ, মনোজ ৰয়, প্ৰেৰণা শৰ্মা, ড° পাপৰি নায়ক, পદ્મિনী দাস, সুনন্দন ৰয়, অংশুৰাজ কাশ্যপ, গোপেশ ঝালানি, বৌছন শৰ্মা, ক্ষাহ কাশ্যপ আৰু আৰাপ মোল্লা। আনহাতে, টেবুল টেনিছত অসমক প্ৰতিনিধিত্ব কৰিব সন্দীপ ভূঞা, পুষ্প পাত্ৰ, প্ৰাঞ্জু বৰা, চয়নিকা কলিতা আৰু প্ৰাৰ্থনা কাকতিয়ে।(Paralympic Sports Assam)

উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ-২০২৬ ৰ উদ্বোধনী অনুষ্ঠানত  পেৰা অলিম্পিক এছ’চিয়েছন অসমৰ ছীফ পেট্ৰন ৰিণিকি ভূঞা শৰ্মা উপস্থিত থাকে।(Paralympic Sports Assam)

লগতে পঢ়ক: Yashasvi Jaiswal Test Record : টেষ্ট ক্ৰিকেটত যশস্বীৰ চমক! শচীনক পিছ পেলাই স্পৰ্শ কৰিলে মাঞ্জৰেকাৰৰ অভিলেখ



Source link

Leave A Reply

Your email address will not be published.