Nagaon Lok Sabha bypoll result: নগাঁৱত ধূলিস্যাৎ কংগ্ৰেছ, ফলাফলৰ পিছতে ৰাহুল-গৌৰৱক কটাক্ষ হিমন্ত বিশ্বৰ
Nagaon Lok Sabha bypoll result: কংগ্ৰেছৰ ইতিহাসৰ আটাইতকৈ বেয়া পৰাজয়! নগাঁৱৰ ফলাফলক লৈ হিমন্তৰ মন্তব্য।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পিছতে কংগ্ৰেছ আৰু দলটোৰ শীৰ্ষ নেতা ৰাহুল গান্ধী তথা গৌৰৱ গগৈক সমালোচনাৰে থকাসৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ নিৰ্বাচনী ফলাফলক কংগ্ৰেছৰ বাবে মোক্ষম আঘাত বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এই পৰাজয়ে দলটোৰ ৰাজনৈতিক দুৰ্বলতা স্পষ্ট কৰি দিছে (Nagaon Lok Sabha bypoll result)।
শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে নগাঁৱৰ ফলাফল ৰাহুল গান্ধী আৰু তেওঁৰ ৰাজনীতিৰ বাবে এক বৃহৎ পৰাজয়। দেশৰ ঐক্য, সংস্কৃতি আৰু ভৱিষ্যতক দুৰ্বল কৰিব পৰা ৰাজনীতিৰ পৰা ৰাহুল গান্ধীক আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে (BJP victory in Nagaon)।
ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয়, “নাটক নকৰিব। দেশক দুৰ্বল কৰা ৰাজনীতি নকৰিব। আমাৰ সংস্কৃতি আৰু দেশক দুৰ্বল কৰা ৰাজনীতিৰ পৰা আঁতৰি থাকক।”
ইয়াৰ লগতে ভাৰতৰ উন্নতি নিবিচৰা লোকসকলৰ সৈতে ৰাহুল গান্ধীয়ে হাত মিলোৱা বুলিও অভিযোগ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, নগাঁৱৰ জনাদেশে ৰাহুল গান্ধীলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে কোনো ৰাজনৈতিক নেতাতকৈ দেশৰ স্বাৰ্থ সদায় ঊৰ্ধ্বত (Assam Congress defeat Nagaon Bypoll)।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি অসমৰ ৰাইজে নিজৰ সাধ্য অনুসৰি ৰাহুল গান্ধীক সোঁৱৰাই দিছোঁ যে ভাৰত আপোনাতকৈ ডাঙৰ। দেশ আপোনাতকৈ ওপৰত। আপুনি দেশতকৈ ডাঙৰ নহয়। এই নিৰ্বাচনৰ জৰিয়তে ৰাহুল গান্ধীলৈ এয়াই বাৰ্তা।”
গৌৰৱ গগৈকো তীব্ৰ কটাক্ষ-
নগাঁৱৰ ফলাফলক লৈ কংগ্ৰেছক সমালোচনা কৰাৰ সমান্তৰালকৈ সাংসদ গৌৰৱ গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দুৰ্বল নিৰ্বাচনী প্ৰদৰ্শনৰ প্ৰসংগ টানি তেওঁ কয় যে এতিয়াৰ পৰা গৌৰৱ গগৈয়ে তেওঁক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনোৱাটো সহজ নহ’ব।
গৌৰৱ গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছৰ মানুহেই গৌৰৱ গগৈৰ কাৰ্টুন বনাইছে। গৌৰৱ গগৈয়ে এতিয়া আমাক আৰু দূৰ দূৰলৈ ঢুকি নাপায়।” তেওঁ লগতে ২০৩১ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১২৬ খন আসন পালেও আচৰিত হ’বলগা নাই বুলিও কয়।
কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই পৰাজয় কংগ্ৰেছৰ ইতিসাহৰ আটাইতকৈ নিকৃষ্ট, শোচনীয় পৰাজয় বুলি অভিহিত কৰে। আনহাতে, তেওঁৰ পৰৱৰ্তী নিৰ্বাচনী আৰু ৰাজনৈতিক যুঁজ কংগ্ৰেছৰ পৰিৱৰ্তে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতে হ’ব বুলিও মন্তব্য কৰে।
লগতে পঢ়ক: West Bengal by election results: বংগৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়জয়কাৰ, দুয়োখন আসনতে বৃহৎ জয়
