Voice of Eastern India

Lightning strike in Assam: ৰাজ্যত বতৰৰ ৰুদ্ৰৰূপ, বজ্ৰপাতত কেইবাজনৰো কৰুণ ঘটনা


Lightning strike in Assam: অসমত ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ, ব্ৰহ্মপুত্ৰৰ বুকুত অকাল মৃত্যু ১৯ বছৰীয়া যুৱকৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৰাজ্যৰ কেইবাটাও অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে দুজনকৈ যুৱকে। এই ঘটনাই অঞ্চলসমূহত শোকৰ ছাঁ পেলাইছে।

গোৱালপাৰা জিলাৰ কুমৰী অঞ্চলত বুধবাৰে (১১ নৱেম্বৰ) পুৱা সংঘটিত হয় এক শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰিবলৈ গৈ বজ্ৰপাতৰ ফলত মৃত্যু হয় ১৯ বছৰীয়া আতাবুল ইছলামৰ। জানিব পৰা মতে, মাছ ধৰিবলৈ গৈ নিজৰ নাৱতে বহি থকা অৱস্থাত হঠাৎ অহা বজ্ৰপাতৰ আঘাতত যুৱকজনৰ মৃত্যু হয় (Lightning strike in Assam)।

ইফালে, চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱতো বজ্ৰপাতৰ ফলত আন এজন যুৱকৰ কৰুণ মৃত্যু ঘটে। বাছেৰ আলী নামৰ যুৱকজন আছিল দুটি সন্তানৰ পিতৃ। এটি কন্যা আৰু এটি পুত্ৰ সন্তানক এৰি চিৰদিনৰ বাবে আঁতৰি গ’ল দুৰ্ভগীয়া বাছেৰ আলী। দুয়োটা ঘটনাই অঞ্চল দুটাত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

কেৱল বজ্ৰপাতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণেও বিস্তৰ ক্ষতি সাধন কৰিছে। ডিগবৈত ধুমুহাৰ ফলত বহু অঞ্চলত ক্ষয়-ক্ষতি হোৱাৰ লগতে একাংশ ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হয়। ডিমৌতো ধুমুহাৰ প্ৰকোপত ঘৰৰ টিনপাত উৰি যোৱাৰ লগতে বহু তামোল গছ উভালি পৰে (Heavy rainfall in Assam)।

আনহাতে, মৰিগাঁৱৰ পশ্চিম অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত জনজীৱন ব্যাহত হয়। এই সময়ছোৱাত বজ্ৰপাতত মণিৰাম ডেকা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা আহত হয়। আহত মহিলাগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, ধুমুহা-বৰষুণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উষ্ণতা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বতৰৰ এনে পৰিৱৰ্তনে শীতৰ আগমনৰো ইংগিত দিছে। বজ্ৰপাতৰ সময়ত মুকলি ঠাই, নদী বা জলাশয়ত থকাৰ পৰা বিৰত থাকিবলৈও সতৰ্ক হোৱাটো জৰুৰী।

লগতে পঢ়ক: Global Temperature Rise: পৃথিৱীৰ উষ্ণতাই ভংগ কৰিব নতুন অভিলেখ! কি সংকেত দিছে নতুন প্ৰতিবেদনে?



Source link

Leave A Reply

Your email address will not be published.