Voice of Eastern India

Hotel Bilas Inn Shooting: AMCHত সম্পন্ন হ’ব ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা


Hotel Bilas Inn Shooting: ডিব্ৰুগড়লৈ লৈ যোৱা হ’ল ঘনকান্তৰ নশ্বৰদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে এম্বুলেঞ্চত লৈ যোৱা হৈছে নশ্বৰদেহ।

গুৱাহাটীৰ হোটেল বিলাস ইন গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)ত সম্পন্ন কৰা হ’ব। প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰীক্ষা কৰাৰ কথা আছিল যদিও প্ৰয়োজনীয় সা-সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞৰ অভাৱৰ বাবে স্থান সলনি কৰা হৈছে (Hotel Bilas Inn Shooting)।

মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ AMCHত তিনিজনীয়া চিকিৎসকৰ এখন ব’ৰ্ড গঠন কৰা হৈছে। ঘনকান্তৰ মৃত্যুৰ পিছত প্ৰয়োজনীয় আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অংশ হিচাপে এই পৰীক্ষা কৰা হ’ব।

ইতিমধ্যে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে ঘনকান্তৰ নশ্বৰদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে এম্বুলেঞ্চত লৈ যোৱা হৈছে ঘনকান্তৰ মৃতদেহ।

উল্লেখ্য, গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈ বুধবাৰে (৪ নৱেম্বৰ) পুৱতি নিশা শিৱসাগৰত আৰক্ষীৰ গুলীত নিহত হয়। আৰক্ষীৰ মতে, পলায়নৰ চেষ্টা কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় (Ghanakanta Gogoi Encounter)।

শিৱসাগৰৰ গৰিসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰঙমন ধাবাৰ সমীপত পুৱতি নিশা প্ৰায় ৩.১০ বজাত এই ঘটনা ঘটে। শিৱসাগৰ আৰক্ষীৰ এটা দলে গগৈক গুৱাহাটীৰ পৰা শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা এটা গোচৰৰ তদন্তৰ বাবে লৈ আহি আছিল।

লগতে পঢ়ক: Guwahati Bilas Inn shooting: ৰাজ্য কঁপোৱা বিলাস ইন কাণ্ডৰ মাষ্টাৰমাইণ্ড ঘনকান্তৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু



Source link

Leave A Reply

Your email address will not be published.