Hotel Bilas Inn shooting case: বিলাস ইন কাণ্ডৰ তদন্তৰ মাজতে ঘনকান্ত গগৈক পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২০২৪ চনত ৰুজু হোৱা এটা পৃথক গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে (Hotel Bilas Inn shooting case)।
বৰ্তমান বিলাস ইন গুলীচালনা কাণ্ডৰ সৈতে জড়িত গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবলৈ শিৱসাগৰ আৰক্ষীৰ এটা দল কাৰাগাৰত উপস্থিত হয়। তাৰ পাছতে তেওঁক ২০২৪ চনৰ গোচৰটোৰ ভিত্তিত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য, ২০২৪ চনত শিৱসাগৰ থানাত ঘনকান্ত গগৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল। সেই গোচৰৰ তদন্তৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।
হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হৈছিল। এই ঘটনাৰ তদন্ত অব্যাহত আছে আৰু ঘনকান্ত গগৈ বৰ্তমান ন্যায়িক জিম্মাত আছে। সাত দিনৰ আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ঘাতক ঘনকান্ত গগৈক।
