Voice of Eastern India

Hotel Bilas Inn murder case: হোটেল বিলাস ইন হত্যাকাণ্ড: আৰক্ষীৰ জিম্মাৰ অন্তত কাৰাগাৰলৈ ঘাতক ঘনকান্ত গগৈ


Hotel Bilas Inn murder case: আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত হাজিৰ কৰা হৈছিল আদালতত।

গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। সাত দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত আজি তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল (Hotel Bilas Inn murder case)।

হত্যাকাণ্ডৰ তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে পুনৰ ঘনকান্তৰ জিম্মা বিচাৰিছিল। কিন্তু দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য, ২৬ অক্টোবৰৰ নিশা হোটেলখনত সংঘটিত গুলীচালনাত পাঁচজন লোকৰ মৃত্যু হৈছিল। অভিযোগ অনুসৰি, হোটেলৰ লীজ চুক্তিক লৈ হোৱা বিবাদৰ পৰিণতিতে ঘনকান্তই হোটেলৰ মালিক হেলেনা বি ভৰালী, তেওঁৰ পুত্ৰ দেবৰ্ষি ঈশান কাশ্যপ, বোৱাৰী ৰিণিকা, ভাতৃ ভূদেৱ ভৰালী আৰু হোটেলৰ কৰ্মচাৰী নাৰায়ণ দাসক গুলীয়াই হত্যা কৰিছিল (Guwahati Hotel shooting case)।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ভৰালী পৰিয়ালৰ পৰা হোটেলখন লীজত লৈছিল ঘনকান্তই। চুক্তি চূড়ান্ত কৰাক লৈ হোৱা বিবাদ নিষ্পত্তিৰ বাবে ভূদেৱ ভৰালী বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিল। আনহাতে, হোটেলখনত বৈদ্যুতিক কাম কৰিবলৈ বৰপেটাৰ পৰা আহিছিল নাৰায়ণ দাস। পিছদিনা ঘৰলৈ উভতি যোৱাৰ কথা আছিল তেওঁৰ।

এই ঘটনাত ভূদেৱ ভৰালীৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠকো গুলীবিদ্ধ হৈছিল। তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

ঘটনাৰ কেইঘণ্টামানৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে ঘনকান্তক গ্ৰেপ্তাৰ কৰিছিল। ২৭ অক্টোবৰত আদালতে তেওঁক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। সেই ম্যাদ শেষ হোৱাৰ পিছত আজি এই জঘন্য কাণ্ডৰ অভিযুক্তটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: Guwahati Hotel Bilas Inn shooting: বিলাস ইনত ঘাতক ঘনকান্তক লগত লৈ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন



Source link

Leave A Reply

Your email address will not be published.