Voice of Eastern India

ESZ-ৰ বিৰোধিতা কৰা গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত ESZ-ৰ বিৰোধিতা সাংসদ গৌৰৱ গগৈৰ, বিপৰীতে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীৰ এই স্থিতিৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

যোৰহাটৰ সাংসদ, তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কলিয়াবৰৰ কুঠৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত ‘ইক’ ছেনচিটিভ জ’ন’ৰ বিৰোধিতা কৰা সাংসদ গগৈৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰিল কেইবাটাও দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ (Kaziranga News)

চৰকাৰৰ সিদ্ধান্তৰ সমৰ্থনত কাৰ্বি ষ্টুডেন্টছ এছ’চিয়েচনৰ লগতে স্থানীয় কেইবাটাও সংগঠন আৰু শ শ প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি ‘গৌৰৱ গগৈ মূৰ্দাবাদ’ ধ্বনি দি সাংসদগৰাকীৰ স্থিতিৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে (Kaziranga Eco Sensitive Zone)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত ‘ইক’ ছেনচিটিভ জ’ন’ক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাৰ ভিতৰতে আছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে (Gaurav Gogoi Protest)

ইফালে মিচিং ছাত্ৰ সংগঠন TMPK-এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত ‘ইক’ ছেনচিটিভ জ’ন’ক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তলৈ মুকলি সমৰ্থন প্ৰকাশ কৰিছে। বোকাখাতত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ প্ৰতিনিধিসকলে ESZ-ৰ দূৰত্ব ১০ৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰা চৰকাৰৰ প্ৰস্তাৱক সমৰ্থন কৰাৰ লগতে এই দূৰত্ব আদৰ্শগতভাৱে শূণ্যলৈ হ্ৰাস কৰা উচিত বুলিও মত পোষণ কৰে।

এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক সমৰ্থন কৰি ESZৰ পৰিসৰ হ্ৰাস কৰাটো কাজিৰঙা, কলিয়াবৰ আৰু বোকাখাতৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে।

চৰকাৰৰ এই সিদ্ধান্তই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলক উপকৃত কৰিব বুলি উল্লেখ কৰে সংগঠনটোৱে। লগতে এই বিষযক লৈ কংগ্ৰেছ দলে আৰম্ভ কৰা প্ৰতিবাদক ছাত্ৰ সংগঠনটোৱে তীব্ৰ গৰিহণা দিয়ে।

লগতে পঢ়ক : সলনি নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাঃ মন্ত্ৰী পীযুষ হাজৰীকা



Source link

Leave A Reply

Your email address will not be published.